নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপ্রতিৰোধ্য : তৃতীয়বাৰলৈ প্রধানমন্ত্রী হ’ব মোদী

🔹 বৰপেটা সত্রৰ বর্ষফলত ভৱিষ্যদ্বাণী

বিশেষ বাৰ্তা, ১৬ এপ্রিল : ২০২৭ চনৰ ৬ ডিচেম্বৰলৈকে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শুভ দশা চলি আছে৷ বিৰোধী কোনো শক্তিয়ে তেওঁক পৰাভূত কৰিব নোৱাৰিব আৰু তৃতীয়বাৰলৈ তেওঁ দেশৰ প্রধানমন্ত্রী হোৱাৰ যোগ আছে৷– এই ভৱিষ্যদ্বাণী প্রকাশ পাইছে বৰপেটা সত্রৰ বর্ষফল গণনাত৷ গণনাত কোৱা হৈছে যে চলিত বর্ষৰ ১৫ আগষ্টলৈ নৰেন্দ্র মোদীৰ কেতু আৰু চন্দ্রৰ দশা চলি থাকিব৷ ইয়াৰ ফলত তেওঁৰ ভাগ্য বৃদ্ধি হ’ব আৰু সন্মান লাভ কৰিব৷ বৰপেটা সত্রৰ পৰম্পৰা অনুসৰি পহিলা ব’হাগৰ দিনা দৈৱজ্ঞ, জ্যোতিষার্ণৱ ৰত্ন, বিদ্যাভূষণ ত্রিদীপ শর্মা দলৈয়ে পুৱা সত্রৰ নিত্য–নৈমিত্তিক প্রসংগৰ পাছত প্রথমে কীর্তন ঘৰৰ গুৰু আসনৰ সন্মুখত গণনা পাঠ কৰি পাছত মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঁথিত (বাৰাণ্ডাত) বর্ষফল গণনা পাঠ কৰে৷ এইবাৰৰ বর্ষফল গণনাত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অহা ২০২৬ চনৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি আছে বুলি উল্লেখ কৰিছে৷ শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রী ড০ শর্মাৰ শপত গ্রহণৰ গণনা মতে মুখ্যমন্ত্রীৰ কর্মস্থানত বৃহস্পতি অৱস্থান কৰাৰ ফলত অসম সমৃদ্ধিশালী হ’ব আৰু অসমৰ সম্পদ বৃদ্ধি হ’ব৷ অৱশ্যে সপ্তম স্থানত শনি-মংগলে অৱস্থান কৰাত বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা আছে মুখ্যমন্ত্রীৰ৷ ইয়াৰ বাবে বন্ধুবর্গৰ পৰা মুখ্যমন্ত্রীগৰাকীয়ে সাৱধানে থকাটো জৰুৰী বুলিও বর্ষফল গণনাত কোৱা হৈছে৷ এইবাৰ শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি হ’ব বুলিও বর্ষফল গণনাত উল্লেখ কৰিছে৷ দৈৱজ্ঞ শর্মা দলৈয়ে বর্ষফল গণনাত সদৰী কৰা মতে, ভাগ্যচক্রৰ বর্ষাৰম্ভ চক্র মতে লগ্ন ধনুত৷ তৃতীয়ত শনি, মংগল, চতুর্থত বুধ, শুক্র, ৰাহু, পঞ্চমত বৃহস্পতি, ৰবি, সপ্তমত চন্দ্র, দশম স্থানত কেতু অৱস্থান কৰিছে৷ এইবাৰ চন্দ্র ৰজা হোৱাত মানুহৰ ক্রোধ, অহংকাৰ, হিংসা, ঘৃণা মনোবৃত্তিৰ বাবে মানুহৰ মনত অশান্তি বৃদ্ধি পাব৷ শনি, মংগল আৰু ৰাহুৰ প্রভাৱৰ বাবেও মানুহৰ মাজত অশান্তি সৃষ্টিৰ লগতে ৰে’ল, বিমান দুর্ঘটনা, সাম্প্রদায়িক সংঘর্ষ, হিংসাত্মক কার্যকলাপ বৃদ্ধি পাব৷ শনি আৰু মংগল গ্রহ যুক্ত হোৱাৰ বাবে ৰাজনৈতিক পৰিচালকৰ বাবে ঠগ আৰু ক্ষতিৰ যোগ আছে৷ ইপিনে, সদৌ অসম ছাত্র সন্থাৰ ভূমিকা বছৰটোত আশানুৰূপ বুলি কোৱা টান বুলিও বর্ষফল গণনাত উল্লেখ কৰিছে৷ গণনাত বুধ, ৰাহু আৰু শুক্র যুক্ত হোৱাৰ ফলত অসমৰ অন্যান্য ছাত্র সংগঠনৰ পৰাও বিশেষ শুভ ফল আশা কৰিব নোৱাৰি বুলি উল্লেখ কৰে৷ ইপিনে, ভাৰতৰ ৰাশি হ’ল মকৰ৷ ৰাশিফল মতে, দ্বিতীয়ত শনি, মংগল, তৃতীয়ত বুধ, শুক্র, ৰাহু, চতুর্থত বৃহস্পতি, ৰবি, ষষ্ঠত চন্দ্র, ভাগ্যস্থানত কেতু অৱস্থান কৰাত বছৰটোত প্রতিকূল ৰাজনৈতিক, সামাজিক সমস্যা, প্রাকৃতিক দুর্যোগ, অর্থনৈতিক সংকট, বিভিন্ন ধৰণৰ আন্দোলন, সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি পোৱাৰ লগতে হত্যা, লুণ্ঠন, অপহৰণ, বিস্ফোৰণ, সাম্প্রদায়িক সংঘর্ষ আদি বৃদ্ধি পাব বুলিও শর্মা দলৈয়ে কয়৷ বর্ষফল গণনা অনুসৰি বিদেশী ৰাষ্ট্রৰ সৈতে ভাৰতবর্ষৰ বিবাদ হ’ব পাৰে৷ উল্লেখ্য যে পহিলা ব’হাগত বৰপেটা সত্রত অনুষ্ঠিত হোৱা এই বর্ষফল গণনাই ৰাজ্যৰ ৰাজনীতিতো বিশেষ প্রভাৱ পেলাই আহিছে৷ বৰপেটা সত্রৰ এই বর্ষফল গণনা শুনিবলৈ আজি পুৱাৰ পৰাই ভকত, আই-মাতৃসকলৰ উপৰি অসংখ্য লোকৰ সমাগম ঘটে৷

You might also like