নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰম ইষ্ট্রি লগাই–পানী ঢালি ১১ বছৰে বনকৰা কিশোৰীক নির্যাতন

🔹 ডিব্রুগড়ৰ ‘অভিজাত’ পৰিয়ালৰ বর্বৰোচিত কাণ্ড

বিশেষ বার্তা,  ১৫ এপ্রিল : ৰাজ্য কঁপাই যোৱা ডাঃ সংগীতা দত্তৰ দৰেই আন এটা ভয়ানক কাণ্ড সংঘটিত হৈছে ডিব্রুগড়ত৷ ডাঃ দত্তৰ লেখীয়াকৈ চিকিৎসকৰ দৰে পেছাত থকা ব্যক্তিৰ ঘৰতেই জঘন্য, অমানৱীয়, গাৰ নোম শিয়ৰি উঠা কাণ্ড সংঘটিত হয়৷ এবছৰ, দুবছৰ নহয়, সুদীর্ঘ প্রায় ১১ বছৰে চলিল এগৰাকী কিশোৰীৰ ওপৰত বর্বৰ শাৰীৰিক নির্যাতন আৰু উৎপীড়ন৷ গৰম পানী গালৈ দলিয়াই দিয়া, গৰম ইষ্ট্রি পিঠিত লগাই দিয়া, দিনৰ পাছত দিন ধৰি ঘৰত তলা মাৰি আবদ্ধ কৰি থোৱা ইত্যাদি অত্যাচাৰ চলি আছিল কিশোৰীগৰাকীৰ ওপৰত৷ ইমানৰ পাছতো কিশোৰীয়ে নীৰৱে সহি গৈছিল কেৱল প্রাণৰ মমতাত৷ শেহতীয়াকৈ এই ঘটনা ডিব্রুগড়ৰ চি ডব্লিউ চিৰ (চাইল্ড ৱেলফেয়াৰ কমিটী) সহযোগত পোহৰলৈ আহে আৰু ঘটনাৰ লগত জড়িত চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ আনহাতে বর্তমানলৈ চর্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত দত্ত পলাতক বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ২০১৩ চনত কিশোৰীগৰাকীক গাঁৱৰ এজন লোকে (পৰিচয়, ঠিকনা উদ্ধাৰ হোৱা নাই) চাকৰি দিম বুলি প্রলোভিত কৰি ডিব্রুগড়লৈ আনে আৰু ডিব্রুগড়ৰ চর্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিত দত্তৰ হাতত তুলি দিয়ে৷ চিকিৎসকগৰাকীক গতাই দিয়া মানুহজনে বুজন পৰিমাণৰ ধন লৈ তাৰ পৰাই উধাও হৈছিল৷ তেতিয়াৰে পৰা মানুহজনৰ লগত কোনো যোগসূত্র নাছিল কিশোৰীগৰাকীৰ৷ ডিব্রুগড় চহৰৰ নালিয়াপুলত চিকিৎসক দেৱজিত দত্তৰ চেম্বাৰ থকাৰ লগতে মোহনবাৰীত নিজা ঘৰ আছে৷ সেই সময়লৈকে চিকিৎসকগৰাকীয়ে দ্বিতীয় বিবাহ কৰা নাছিল৷ পৰৱর্তী সময়ত ববী কলিতা (দত্ত)ক দ্বিতীয় বিবাহ কৰাত চহৰখনৰ কনভয় ৰোডৰ (বৈৰাগীমঠ) জেএছবিৰ উন্নয়ন এপার্টমেণ্টত থাকিবলৈ লয়৷ তেতিয়াৰে পৰা কিশোৰীগৰাকীৰ ওপৰত জঘন্য শাৰীৰিক অত্যাচাৰ, উৎপীড়ন আৰম্ভ হয়৷ সেই কথা প্রতিবেশীসকলেও সংবাদ মাধ্যমৰ আগত অকপটে স্বীকাৰ কৰিছে৷ পাষাণ মনোবৃত্তিৰ বাবেই ডাঃ দত্তৰ পত্নীয়ে কিশোৰীগৰাকীৰ ওপৰত কৰা পাশৱিক অত্যাচাৰত সহযোগ কৰিছিল চিকিৎসক দত্তই৷ কিশোৰীগৰাকীয়ে ডিব্রুগড়ৰ চি ডব্লিড চিৰ সদস্যৰ আগত দিয়া ভাষ্য অনুসৰি, সামান্য কথাতে পিঠিত ভুকুৱাই দিয়া, গোৰ মৰা, কাণতলীয়া চৰ শোধোৱাতেই ক্ষান্ত থকা নাছিল চিকিৎসক দম্পতী৷ চিকিৎসক দেৱজিত দত্তৰ পত্নী ববী কলিতাই কিশোৰীগৰাকীৰ গাত গৰম পানী ঢালি দিছিল আৰু চিঞৰিব নোৱাৰাকৈ মুখত সোপা দি ৰাখে৷ এই এপার্টমেণ্টলৈ অহাৰ পাছৰে পৰা প্রতিৱেশীৰ সৈতে মিলা–মিছা কৰিবলৈ নিদি সদায়েই ঘৰৰ ভিতৰতে ভয়–ভীত কৰি আবদ্ধ কৰি ৰাখিছিল৷ প্রতিবেশীৰ সৈতে যদিহে কিবাপ্রকাৰে কথা–বার্তা হয়, তেন্তে পুনৰ ঘৰত চিকিৎসক আৰু পত্নীয়ে পাশৱিক অত্যাচাৰ, উৎপীড়ন আৰম্ভ কৰে৷ কেৱল সিমানেই নহয়, কিশোৰীগৰাকীক ঘৰৰ ভিতৰতে আবদ্ধ কৰি বাহিৰত তলা লগাই তিনি–চাৰি দিনলৈ চিকিৎসক দম্পতী ওলাই গৈছিল৷ কিছুদিন পূর্বে এসপ্তাহৰ বাবে দুৱাৰত তলা মাৰি গুৱাহাটীলৈ গুচি গৈছিল বুলিও কিশোৰীগৰাকীয়ে অভিযোগ কৰে৷ মুঠৰ ওপৰত বহিঃবিশ্বৰ সৈতে যোগাযোগ সম্পূর্ণ বন্ধ কৰি ৰাখিছিল৷ কিশোৰীগৰাকীক ইমানে মানসিক চাপ তথা শাৰীৰিক অত্যাচাৰ চলাইছিল যে কিশোৰীগৰাকী প্রায় ট্ৰ’মালৈ (ভয়ত স্মৃতি শক্তি হ্রাস পোৱা) গুচি গৈছিল বুলি ডিব্রুগড়ৰ শিশু সুৰক্ষা কমিটীৰ সদস্য ৰূপা কৌৰে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দি পুনৰ কয় যে ঘৰৰ ঠিকনা, পৰিয়াল, আত্মীয়–স্বজন সকলোকে হেৰুৱাই কেৱল জীয়াহ থকাৰ প্রবল হেঁপাহত কিশোৰীগৰাকীয়ে সকলো নির্বিবাদে সহি গৈছিল৷ কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাই বেলনা মাৰিৰে কোবাই পাঁচটাকৈ দাঁত ভাঙি দিয়াৰ লগতে মূৰত মাৰি মূৰ ফালি পেলাইছিল৷ আনহাতে, কিশোৰীগৰাকীৰ বয়সৰ কোনো সঠিকভাৱে প্রমাণ পত্র নোহোৱা, ঘৰৰ স্পষ্ট ঠিকনা নোহোৱাৰ বাবে যোগাযোগৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছে৷ অসমীয়া, হিন্দী আৰু ট্ৰাইবেল ভাষা ক’ব জনা কিশোৰীগৰাকী অৰুণাচল প্রদেশৰ চাকমা সম্প্রদায়ৰ বুলি অনুমান কৰা হৈছে৷ আনহাতে, মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কিশোৰীগৰাকীয়ে ঠিকনা সন্দর্ভত অৰুণাচল প্রদেশৰ বিজয়পুৰ, নকটিয়া ধামৰ ওচৰত বুলি সদৰী কৰিছে যদিও প্রকৃত ঠিকনা এতিয়াও উদ্ধাৰ হোৱা নাই৷ বর্তমানে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ডিব্রুগড়ৰ প্রেৰণা আশ্রয় গৃহত ৰখা বুলিও জানিবলৈ দিয়ে কৌৰে৷ গুৱাহাটীৰ মানৱ অধিকাৰ সুৰক্ষা সমিতিক এই ঘটনা সন্দর্ভত এক গোচৰ দিয়া হৈছিল আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে বিষয়টো গুৱাহাটীস্থিত শিশু সুৰক্ষা কমিটীলৈ স্থানান্তৰ কৰে আৰু সেইমর্মে ডিব্রুগড়ৰ সমিতিয়ে আৰক্ষীক গোচৰ দি কিশোৰীগৰাকীক উদ্ধাৰ কৰি আশ্রয় গৃহত থকাৰ ব্যৱস্থা কৰে৷ ঘটনা সন্দর্ভত ডিব্রুগড় সদৰ থানাত ৩৫২/৩৪২/৩২৬/৩৭৪/৫০৬–৭৫/৭৯ জুভাইনাইল এক্ট, শিশু সুৰক্ষা আইন ২০১৪–২০১৫ আৰু শিশু শ্রমিক আহন ১৯৮৬ৰ অধীনত ১৩৪/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হয়৷ প্রাথমিক তদন্তত চিকিৎসক দেৱজিত দত্তৰ পত্নী তথা এখন বিউটী পার্লাৰৰ স্বত্বাধিকাৰী ববী কলিতাক গ্রেপ্তাৰ কৰি যোৱা ১৩ এপ্রিলত কাৰাগাৰলৈ নিক্ষেপ কৰা হয়৷ এই ঘটনাত সহযোগ কৰা ববী কলিতাৰ চিকিৎসক স্বামী দেৱজিত দত্ত বর্তমানে পলাতক বুলি জানিব পৰা গৈছে৷ ডিব্রুগড়ৰ সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্রীয়ে জানিবলৈ দি কয় যে প্রথম পর্যায়ৰ তদন্ত অব্যাহত আছে৷ পৰৱর্তী সময়ত চিকিৎসকগৰাকীৰ ঘৰত অভিযান চলোৱাৰ লগতে চিচি টিভিৰ ফুটেজসমূহৰ লগতে আনুষংগিক বিষয়বস্তুবোৰ পৰীক্ষা কৰা হ’ব৷ ইফালে, সূত্রৰ পৰা জানিব পৰা অনুসৰি চিকিৎসক দেৱজিত দত্তই অগ্রিম জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ কিশোৰীগৰাকী মানসিকভাৱে অলপ সুস্থ হৈ উঠিলে তথা আৰক্ষীৰ তদন্তত কোনো অভিযোগ নুঠিলে, চিকিৎসক দম্পতীৰ আৰু বহু কু–কীর্তিৰ লগতে জঘন্য কাণ্ড উন্মোচিত হোৱাৰ অৱকাশ আছে৷

প্ৰেৰক বিভাষ দুৱৰা

You might also like