নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱা লহৰ তুলিবলৈ আজি অসমত প্রধানমন্ত্রী

🔹 লোকসভা নির্বাচনৰ প্রচাৰ অভিযানত বিজেপিৰ চমক

বিশেষ বার্তা,  ১৬ এপ্রিল : নির্বাচনী ৰণশিঙা বজাবলৈ আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ৰাজ্যত নির্বাচনী পৰিৱেশ আকর্ষণীয় হৈ পৰাৰ সময়তে প্রধানমন্ত্রীগৰাকীৰ আগমনে স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে বিজেপিক৷ আজি সন্ধিয়া ৭ বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’বলগীয়া প্রধানমন্ত্রীগৰাকীক আদৰিবলৈ সাজু হৈ উঠিছে গুৱাহাটী আৰু নলবাৰী৷ উল্লেখ্য যে ১৭ এপ্রিলত প্রধানমন্ত্রী মোদীয়ে বৰপেটা লোকসভা সমষ্টিৰ মিত্রদলৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ এক বিশাল নির্বাচনী সভা সম্বোধন কৰিব৷ নলবাৰীৰ বৰকুৰাৰ পথাৰত অনুষ্ঠিত হ’ব লগা নির্বাচনী সভাক লৈ ৰাজ্যিক বিজেপিত এতিয়া যুদ্ধকালীন তৎপৰতা৷ প্রায় দুই লাখ লোকৰ জনসমাগম হ’ব লগা সভাখনৰ সকলো দিশ তদাৰক কৰিবলৈ গৰু বিহুৰ দিনা বৰকুৰাত উপস্থিত হৈছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, চন্দ্রমোহন পাটোৱাৰী, বিটিচিপ্রধান প্রমোদ বড়ো, জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি কেইবাজনো দলীয় নেতাক লৈ প্রধানমন্ত্রীৰ সভা সন্দর্ভত সবিশেষ পর্যবেক্ষণ কৰিবলৈ উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে যে অসমত এইখন হ’ব প্রধানমন্ত্রীৰ অন্তিম সভা৷ ১৭ এপ্রিলৰ পুৱা ১০.৩০ বজাত অনুষ্ঠিত হ’ব লগা সভাখনৰ জৰিয়তে প্রধানমন্ত্রীয়ে নামনি অসমত নির্বাচনী ৰণডংকা বজাব৷ ইফালে, প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি জিলা প্রশাসনে নলবাৰীত গঢ়ি তুলিছে ব্যাপক সুৰক্ষা ব্যৱস্থা৷ জিলা প্রশাসনে কালিৰে পৰা কার্যকৰী হোৱাকৈ জিলাখনৰ বৰকুৰা হৰিপুৰ আৰু লাউডলত ১৪৪ ধাৰা বলৱৎ কৰাৰ লগতে ড্রোন উৰণত নিষেধাজ্ঞা জাৰি কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে ১৭ এপ্রিলত গুৱাহাটীৰ খানাপাৰা খেলপথাৰৰ পৰা হেলিকপ্টাৰযোগে বৰকুৰাৰ পথাৰৰ সভাস্থলীত উপস্থিত হ’ব৷ ইতিমধ্যে বৰকুৰাৰ পথাৰত তিনিখনকৈ বৃহৎ হেলিপেড নির্মাণ কৰা হৈছে৷ মন কৰিবলগীয়া যে আজি সন্ধিয়াৰ ভাগত গুৱাহাটীত আহি পাব লগা প্রধানমন্ত্রী মোদীৰ আগমনক কেন্দ্র কৰি গুৱাহাটীত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে৷ বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰী হৈ গুৱাহাটীৰ মাজেৰে খানাপাৰাৰ কইনাধৰাস্থিত ১নং অতিথিশালাত উপস্থিত হ’ব লগা প্রধানমন্ত্রীগৰাকীয়ে নিশা কইনাধৰাত কটাব৷ প্রধানমন্ত্রীক আদৰিবলৈ ইতিমধ্যে সজাই–পৰাই তোলা হৈছে মহানগৰীৰ জি এছ ৰোড৷ মুখ্যমন্ত্রী ড০ শর্মাই ইতিমধ্যে প্রকাশ কৰা মতে, প্রধানমন্ত্রীয়ে গুৱাহাটীত কোনোধৰণৰ আনুষ্ঠানিক ৰোডশ্ব’ নকৰে৷ কিন্তু গুৱাহাটীৰ মাজেৰে যাব লগা প্রধানমন্ত্রীগৰাকীক চাবলৈ বা অভিনন্দন জনাবলৈ স্বতঃস্ফূর্তভাৱে পথৰ কাষত গোট খোৱা লোকক উদ্দেশ্যি প্রধানমন্ত্রীৰ বাহন কিছু মন্থৰ গতিত যাব৷ প্রধানমন্ত্রীগৰাকীয়ে এই সময়ছোৱাত ৰাইজৰ অভিবাদন গ্রহণ কৰিব৷ প্রধানমন্ত্রীগৰাকীৰ আগমনৰ বাবে জি এছ ৰোডত বাঁহৰ অস্থায়ী বেৰিকেড লগোৱাৰ লগতে সুৰক্ষাজনিত কাৰণত আজি গুৱাহাটীৰ বহুকেইটা পথৰ যান–বাহন চলাচলৰ দিশ সালসলনি ঘটোৱা হৈছে৷

You might also like