নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱম শ্রেণীৰ পৰীক্ষার্থীক অনুবাদ কৰিবলৈ দিলে ‘দেয়াৰ ইছ ন’ গড বাট আল্লাহ’

কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শকৰ দায়িত্বজ্ঞানহীনতা

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ‘আল্লাহৰ বাহিৰে দুনীয়াত আন কোনো ভগৱান নাই৷’ –বিশ্বৰ অমুছলমান কোটি কোটি লোকৰ ধর্মীয় আৱেগ–অনুভূতিত আঘাত কৰা পাঠ্যক্রম বহির্ভূত এই স্পর্শকাতৰ বাক্যফাঁকি প্রশ্নকাকতত সন্নিৱিষ্ট কৰাৰ পৰিণতিত এজন শিক্ষা বিষয়ালৈ বিভাগীয়ভাৱে প্রেৰণ কৰা হৈছে কাৰণ দর্শোৱাৰ জাননী৷ এই শিক্ষা বিষয়াজন হৈছে ইতিমধ্যে টেট উত্তীর্ণক কেন্দ্র কৰি কৃতিত্ব জাহিৰ কৰিবলৈ মিথ্যাচাৰৰ আশ্রয় লোৱা কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদর্শক (আই এছ) অপূর্ব ঠাকুৰীয়া৷

এই সন্দর্ভত প্রাপ্ত তথ্যানুসৰি কামৰূপ জিলাত জিলা পর্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ দ্বাৰা সদ্য অনুষ্ঠিত নৱম শ্রেণীৰ আৰবিক (হ)ৰ প্রশ্নকাকতৰ ‘১৩(এফ)’ নম্বৰ প্রশ্নটোত পাঠ্যক্রম বহির্ভূতভাৱে অতি স্পর্শকাতৰ ‘দেয়াৰ হজ ন’ গড বাট আল্লাহ’ কথাফাঁকিক আৰবীলৈ অনুবাদ কৰিব দিয়া হয়৷ এই সন্দর্ভত অসম মাধ্যমিক শিক্ষা সঞ্চালকে এই প্রশ্নটো প্রশ্নকাকতত অন্তর্ভুক্ত কৰাৰ কাৰণে ডি এছ ই/ই এছ টি/এম আই এছ চি/২০/২০১৯/৭৩ নম্বৰ জাননীৰে ঠাকুৰীয়ালৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰিছে৷ জাননীখনৰ জৰিয়তে এই কার্যই অন্যান্য সম্প্রদায়ৰ ধর্মীয় চেতনা–অনুভূতিত আঘাত কৰাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰাৰ লগতে ইয়াক বিসংগতিপূর্ণ, ছেবাৰ নীতি–নিয়মৰো যে পৰিপন্থী, সেয়াও প্রকাশ কৰা হয়৷ লগতে ইয়াৰ জৰিয়তে অপূর্ব ঠাকুৰীয়াৰ দায়িত্ব পালনৰ ক্ষেত্রত থকা অনীহা প্রতিফলিত হোৱাৰ লগতে হয়ে শিক্ষার্থীক ক্ষতিগ্রস্ত কৰাৰ বিষয়েও ব্যক্ত কৰা হয়৷ তদুপৰি এই দুষ্কার্যৰ বাবে অপূর্ব ঠাকুৰীয়াক বিদ্যালয়সমূহৰ পৰিদর্শক আৰু সমিতিৰো ভাইচ চেয়াৰমেন পদবীত থকা সূত্রে এনে প্রশ্নকাকত পৰীক্ষার্থীক হাতত দিয়াৰ পূর্বে চোৱাৰ যে প্রয়োজন, সেয়াও সোঁৱৰাই দিয়া হৈছে৷ এই প্রসংগৰে তেওঁৰ বিৰুদ্ধে নিয়মানুসৰি কিয় ব্যৱস্থা লোৱা নহ’ব, ইয়াৰ সঠিক উত্তৰ ৩ দিনৰ ভিতৰত দিবলৈ নির্দেশ দিয়া হয়৷

You might also like