নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কেগ’ৰ প্রতিবেদনত বিস্ফোৰক তথ্যঃ ২৫ বছৰত অসম চৰকাৰৰ বিভিন্ন বিভাগত ২.১৫ লাখ কোটিৰ অনিয়ম

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, গড়কাপ্ঢানী, জলসম্পদ, জলসিঞ্চন, আভ্যন্তৰীণ জল পৰিবহণকে ধৰি বিভিন্ন বিভাগত সংঘটিত হৈছে ২,১৫,২৮৫.৭৭ কোটি টকাৰ গুৰুতৰ অনিয়ম৷ ১৯৯৪–৯৫ৰ পৰা ২০১৮–১৯ বিত্তীয় বর্ষ এই ২৫ বছৰৰ ভিতৰত সংঘটিত এনে অনিয়মৰ বিস্ফোৰক তথ্য ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষক (কেগ)ৰ শেহতীয়া প্রতিবেদনত পোহৰলৈ আহিছে৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত দাখিল কৰা ২০১৯ চনৰ ৩১ মার্চত সমাপ্ত বছৰটোৰ বাবে সামাজিক, অর্থনৈতিক (অনা–ৰাজহুৱা প্রতিষ্ঠানসমূহ) আৰু সাধাৰণ খণ্ডৰ হিচাপ পৰীক্ষাৰ প্রতিবেদনত এই সন্দর্ভত স্পষ্টভাৱে কোৱা হৈছে– ‘আমি ২০১৮ চনৰ ডিচেম্বৰলৈকে অসামৰিক বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্ঢানী বিভাগ, জলসম্পদ বিভাগ, জলসিঞ্চন বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ সম্পর্কিত ৩৯,৪৭৯টা দফা সম্বলিত ৬,৩৮৫টা পৰিদর্শন প্রতিবেদন (আই আৰ) সন্দর্ভত ২০১৯ চনৰ জুনৰ শেষলৈকে মীমাংসাৰ বাবে বাকী থকাৰ বিষয়ে আই আৰ প্রেৰণ কৰোঁ৷ ইয়াৰে ১,২০৮টা আই আৰত থকা ৫,২৬২টা দফাৰ ১০ বছৰৰো অধিক কাল উত্তৰ নিদিয়াকৈ/মীমাংসা অবিহনে আছে৷ ১৯৯৪–৯৫ আৰু ২০১৮–১৯ বিত্তীয় বর্ষৰ সময়ছোৱাৰ ভিতৰত জাৰি কৰা ২০,৫৭৫টা দফা সম্বলিত ২,৭৩৪টা আই আৰৰ ক্ষেত্রত প্রথমে পাব লগা উত্তৰটোও, যিটো কার্যালয়ৰ মুৰব্বীৰ পৰা জাৰি কৰা তাৰিখৰ চাৰি সপ্তাহৰ ভিতৰত পাব লগা আছিল ৫৫টা বিভাগৰ পৰা পোৱা নাছিল৷ ফলস্বৰূপে ৩৯,৫৯১টা দফাৰ জৰিয়তে মন্তব্য কৰা ২,১৫,২৮৫.৭৭ কোটি টকা জড়িত গুৰুতৰ অনিয়মসমূহৰ ২০১৯ চনৰ জুন পর্যন্ত কোনো শুংসূত্র নাই৷’ প্রতিবেদনত ‘কেগ’–এ এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ কি কি ক্ষেত্রত অনিয়ম হৈছে, তাৰ তথ্যও দাঙি ধৰিছে৷

সেই অনুসৰি ইয়াৰে ২৪,২৪০.৬১ কোটি টকাৰ অনিয়ম হৈছে নগদ ধনৰ জমা, লেনদেনৰ ৰোকৰ বহীৰ প্রতিপালন আৰু মাষ্টাৰৰোল ইত্যাদিৰ লগত জড়িত বিধিবোৰ মানি নচলাৰ ফলত৷ সেইদৰে অন্যান্য শিতানত অনিয়ম হোৱা ধনৰ পৰিমাণ হৈছে ১,৬৩,০৪৫.৩৬ কোটি টকা৷ নগদ আৰু ভঁৰাল ৰখা ব্যক্তিৰ পৰা প্রত্যাভূতি নোলোৱাত ১,০৫৬.২৯ কোটি ভঁৰাল নিয়াৰিকৈ পৰিপালন নকৰা ইত্যাদিৰ বাবে ৬০২.২৮ কোটি প্রাপ্তি, আগধন আৰু অন্যান্য ব্যয়বোৰ পুনৰ উদ্ধাৰত পলম হোৱাত ৮,৮২১.৩৫ কোটি লোন, লোকচান ইত্যাদি বাদ দিবলৈ মঞ্জুৰিৰ অভাৱৰ বাবে ১৫৫.৫৪ কোটি অতিৰিক্ত পৰিশোধ পুনৰ উদ্ধাৰ নোহোৱাৰ বাবে ৬৭৩.৬২ কোটি সহায়ক অনুদানৰ ব্যৱহাৰিক প্রমাণ, ব্যৱহাৰ প্রমাণ–পত্র আৰু হিচাপ পৰীক্ষাৰ অভাৱত ৯,৩৮১.৬১ কোটি আৰু প্রকৃত আদায় পোৱাসকলৰ প্রাপ্তিৰ ৰচিদ আৱশ্যক থকাৰ ক্ষেত্রত ৭,৩০৯.১২ কোটি টকাৰ অনিয়ম হোৱা বুলি ‘কেগ’ৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে প্রধান মহাগাণনিক (পি এ জি)–এ নির্ধাৰিত বিধি আৰু প্রক্রিয়া অনুসৰি তাৎপর্যপূর্ণ হিচাপ–নিকাচ আৰু অন্যান্য নথিবোৰৰ পৰিপালন সত্যাপন–লেনদেনবো বাছনি পৰীক্ষা কৰিবলৈ চৰকাৰী বিভাগবোৰৰ নিয়মিত ব্যৱধানত পৰিদর্শন চলোৱাৰ আয়োজন কৰে৷ যেতিয়া পৰিদর্শন কালত ধৰা পেলোৱা অনিয়মসমূহ সেই সময়ত নিষ্পত্তি কৰা নহয়, তেতিয়া উচ্চতৰ কর্তৃপক্ষলৈ এক প্রতিলিপিৰ সৈতে সংশ্লিষ্ট কার্যালয়ৰ মুৰব্বীসকললৈ আই আৰ জাৰি কৰা হয়৷ ১৯৮৬ চনৰ মার্চত ৰাজ্য চৰকাৰক উপদেশ দিছিল যে পি এ জিৰ দ্বাৰা প্রেৰণ কৰা আই আৰবোৰ কার্যবাহীসকলৰ দ্বাৰা দ্রুত সঁহাৰিৰে নির্ধাৰিত বিধি–প্রক্রিয়াবোৰৰ সৈতে সংগতি ৰাখি শুধৰণিমূলক কার্য নিশ্চিত কৰিবলৈ ব্যৱস্থা কৰাৰ বাবে কার্যালয় কর্তৃপক্ষ আৰু সংশ্লিষ্ট বিভাগে হিচাপ পৰীক্ষাই লাভ কৰা আই আৰৰ দফাসমূহৰ পর্যবেক্ষণ পৰীক্ষাৰ প্রয়োজন৷ তেওঁলোকক কৰিব দিয়া ত্রুটিৰ শুধৰণি আৰু অসম্পূর্ণ কামসমূহৰ দ্রুত সমাধান কৰিব লাগে৷ লগতে তেওঁলোকৰ অনুপালন পি এ জিক দাখিল কৰিব লাগে৷ পি এ জিয়ে বাকী থকা আই আৰৰ অর্ধবার্ষিক প্রতিবেদন সময়ে সময়ে সংশ্লিষ্ট বিভাগৰ আয়ুক্ত সচিবলৈ প্রেৰণ কৰে৷

এই প্রতিবেদন বাকী থকা আই আৰবোৰত সন্নিৱিষ্ট হিচাপ পৰীক্ষা পর্যবেক্ষণবোৰ তদাৰকীত সুবিধা কৰিবলৈ প্রেৰণ কৰা হয়৷ উক্ত অনিয়ম সন্দর্ভত ‘কেগ’ৰ প্রতিবেদনত এইদৰে উল্লেখ কৰা হৈছে– ‘৫৫টা বিভাগৰ ক্ষেত্রত আই আৰবোৰৰ কোনো উত্তৰ নোপোৱাটোৱে বিভাগবোৰৰ মুৰব্বীসকলৰ ফালৰ পৰা (সঞ্চালক/কার্যবাহী অভিযন্তা) হিচাপ পৰীক্ষাৰ দ্বাৰা আঙুলিয়াই দিয়া ত্রুটিবোৰ বাদ পৰা আৰু অনিয়মিতাসমূহৰ বিপৰীতে কার্যব্যৱস্থা হাতত লোৱাৰ ব্যর্থতাকে সূচাইছিল৷ অর্ধবার্ষিক প্রতিবেদনৰ জৰিয়তে যিসকল সংশ্লিষ্ট আয়ুক্ত সচিবক স্থিতি প্রদান কৰা হৈছিল, তেওঁলোকেও সংশ্লিষ্ট বিভাগবোৰৰ বিষয়াসকলৰ দ্বাৰা দ্রুত আৰু সময়োচিত কার্যকৰণ নিশ্চিত কৰাত ব্যর্থ হৈছে৷’ উপৰিউক্ত তথ্যসমূহে দোষী বিষয়াসকলৰ বিৰুদ্ধে কার্যব্যৱস্থা নোলোৱাৰ দ্বাৰা গুৰুতৰ বিত্তীয় অনিয়মসমূহৰ ধাৰাবাহিকতা আৰু চৰকাৰৰ সম্ভাব্য ক্ষতি হোৱাত সুবিধা প্রদান কৰিছে বুলিও ‘কেগ’ৰ প্রতিবেদনত কোৱা হৈছে৷ তদুপৰি প্রতিবেদনখনত সন্নিৱিষ্ট কৰা অনুসৰি অসামৰিক আৰু গড়কাপ্ঢানী বিভাগসমূহৰে সম্পর্কিত নিষ্পত্তি হ’বলৈ বাকী থকা হিচাপ পৰীক্ষা পর্যবেক্ষণবোৰৰ বিবেচনা–নিষ্পত্তিৰ বাবে চৰকাৰৰ দ্বাৰা প্রতিবছৰে হিচাপ পৰীক্ষা আপত্তি সমিতি (এ অ’ চি) গঠন কৰা হয়৷ ২০১৭–১৮ বিত্তীয় বর্ষ পর্যন্ত চৰকাৰে বাকী থকা হিচাপ পৰীক্ষাৰ আপত্তিসমূহ আলোচনাৰ বাবে এখন এ অ’ চি গঠন কৰিছিল৷

২০১৮ চনৰ মে’ৰ পৰা ২০১৯ চনৰ মার্চলৈ সমিতিখনৰ মুঠ ১৫৯খন বৈঠক (সামাজিক খণ্ড ঃ ৯৩, অর্থনৈতিক খণ্ড ঃ ৩৯ আৰু সাধাৰণ খণ্ড ঃ ২৭) বিভিন্ন তাৰিখত পতা হৈছিল৷ এ অ’ চিয়ে মুঠ ১,১০২টা আই আৰ আৰু ৫,৫১২টা দফাৰ আলোচনা কৰিছিল, যাৰ ৯১টা আই আৰ আৰু ৯৮১টা দফা নিষ্পত্তি হৈছিল৷ ‘কেগ’ৰ তৰফৰ পৰা এই গুৰুত্বপূর্ণ বিষয়টো সন্দর্ভত চৰকাৰলৈ চুপাৰিছ আগবঢ়াই কোৱা হৈছে যে চৰকাৰে বিষয়বোৰৰ পুনৰীক্ষণ কৰিব লাগে আৰু যিসকলে নিৰূপিত কার্যসূচী অনুসৰি আই আৰ–দফাবোৰৰ উত্তৰ পঠিওৱাত ব্যর্থ হয়, তেনে বিষয়াসকলৰ গাফিলতিৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণ, সময়বদ্ধভাৱে ক্ষতি–বাকী থকা আগধন–উপৰুৱা আদায় দিয়াবোৰৰ পুনৰুদ্ধাৰ কৰিবলৈ কার্যব্যৱস্থা লোৱাৰ ক্ষেত্রত নিশ্চিত হ’ব লাগে৷ তদুপৰি হিচাপ পৰীক্ষা পর্যবেক্ষণবোৰলৈ খৰতকীয়া আৰু সময়োচিত সঁহাৰি নিশ্চিত কৰিবলৈ পদ্ধতিৰো সুচাৰুৰূপে গঢ়ি তোলাৰ বাবে ফলপ্রসূ পদ্ধতি আছে বুলিও প্রতিবেদনত কোৱা হৈছে৷

You might also like