নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল কটন বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: বাংগালুৰুৰ জৈন (ডিমড-টু-বি ইউনিভাৰ্চিটি)ত অনুষ্ঠিত সদ্য সমাপ্ত ৩৬ সংখ্যক সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত কেইবাটাও পদক লাভ কৰি কটন বিশ্ববিদ্যালয়ৰ ৪৫ জনীয়া এটা দলে অসমলৈ সুনাম কঢ়িয়াই আনে। ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (AIU)ৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত সমগ্ৰ ভাৰতৰ পৰা মুঠ ১২০ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰে।

কটন বিশ্ববিদ্যালয়ে পুৰস্কাৰ লাভ কৰা প্ৰতিযোগিতাসমূহ হ’ল- সাংস্কৃতিক শোভাযাত্ৰা (ৰানাৰ্ছ আপ), ইণ্ডিয়া ট্ৰাইবেল/ফ’ক ডান্স (ৰনাৰ্ছ আপ), ফ’ক অৰ্কেষ্ট্ৰা (ৰনাৰ্ছ আপ), ইণ্ডিয়ান গ্ৰুপ ছং (ৰনাৰ্ছ আপ), ক্লাছিকেল ইনষ্ট্ৰুমেণ্টেল একক নন -পাৰ্কাচন (ব্ৰঞ্জ), পশ্চিমীয়া বাদ্যযন্ত্ৰ একক (ব্ৰঞ্জ)।

বিভিন্ন শাখাত পুৰস্কাৰ লাভ কৰাৰ উপৰিও কটন বিশ্ববিদ্যালয়ে নৃত্য শাখাত সামগ্ৰিক শ্ৰেষ্ঠ বিশ্ববিদ্যালয় (ৰানাৰ্ছ আপ) খিতাপও লাভ কৰে। উল্লেখ্য যে, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (USTM) ত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক আন্তঃবিশ্ববিদ্যালয় উত্তৰ-পূব খণ্ড যুৱ মহোৎসৱত সামগ্ৰিক শাখাত শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা অসমৰ একমাত্ৰ বিশ্ববিদ্যালয় আছিল কটন বিশ্ববিদ্যালয়।

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ সফলতা সন্দৰ্ভত মন্তব্য কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মন্তব্য কৰে যে, ‘আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদৰ্শনত মই অতিশয় সুখী। তেওঁলোক আমাৰ গৌৰৱ। ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ ফলাফলে প্ৰমাণ যে কটন বিশ্ববিদ্যালয় প্ৰতিদিনে জিলিকি উঠিছে। মই আশাবাদী যে অনাগত বছৰবোৰতো বিশ্ববিদ্যালয়খনে শৈক্ষিক, গৱেষণা, ক্ৰীড়া, সংস্কৃতি আৰু অন্যান্য সহ-পাঠ্যক্ৰমৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰি যাব। আমাৰ দলৰ লগতে অন্যান্য অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহকো অভিনন্দন জনাইছো।’

কটন বিশ্ববিদ্যালয়ৰ দলটোৰ নেতৃত্বত আছিল গণসংযোগ, সাংবাদিকতা আৰু সংবাদ মাধ্যম অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মুক্তিকাম হাজৰিকা আৰু অসমীয়া বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপিকা ড° স্বপ্নালী দাস।

You might also like