📌সভাত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা
📌অৰুণাচল-ৰ মৰাণক জাতিগত প্ৰমাণ-পত্ৰ দিয়াৰ প্ৰধান ব্যক্তিজন ড° হিমন্ত বিশ্ব শৰ্মা
তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিত নতুনকৈ সংযোজন হোৱা বালিজানত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ সভা আৰু আন আন সহযোগী অনুষ্ঠানসমূহৰ সহযোগত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী পিযূষ হাজৰীকা উপস্থিত থাকে৷
অৰুণাচলত বসবাস কৰা ১১৮জনক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰে৷ ভাষণত মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য পৃষ্ঠপোষকতাত এই জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ বাবে ধন্যবাদ জনায়৷
উল্লেখযোগ্য যে অৰুণাচলত বসবাস কৰা লোকসকলে এই জাতিগত প্ৰমাণ পত্ৰৰ দ্বাৰা অসমত সৰ্বটো প্ৰকাৰৰ চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব৷
মন্ত্ৰী হাজৰিকাই জুবিন গাৰ্গৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ আগত মতামত আগবঢ়ায়৷ বালিজানতে নিৰ্মীয়মাণ বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয়ত মন্ত্ৰী হাজৰিকা উপস্থিত হৈ অহা শিক্ষাবৰ্ষৰ পৰা চৰকাৰে আৰম্ভ কৰিব বুলি ঘোষণা কৰে৷
আনহাতেদি অৰুণাচলৰ পৰা আহি জাতিগত প্ৰমাণ পত্ৰ লোৱা শিক্ষাৰ্থীসকলক উৎফুল্লিত হৈ পৰা দেখা যায়৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ