নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ সলনি শত্রুৰে মিত্রতা কৰাই ভাল

ৰঞ্জিত দাসৰ সন্মুখতে লখিমপুৰ জিলা বিজেপি সভাপতিৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ সমাগত বিধানসভা নির্বাচনক কেন্দ্র কৰি ৰাজ্যৰ ৰাজনীতিত তৎপৰতা অব্যাহত থকাৰ সময়তে মিত্রতাক লৈ কার্যতঃ বিস্ফোৰণ ঘটাইছে বিজেপিৰ লখিমপুৰ জিলা সমিতিয়ে৷ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু মন্ত্রী নৱ কুমাৰ দলেৰ সন্মুখতে আজি লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই লখিমপুৰ সমষ্টিত অগপৰে মিত্রতা নকৰিবলৈ আহ্বান জনায়৷ লখিমপুৰ জিলা পুথিভঁৰালত আয়োজিত এখন সাংগঠনিক সভাত জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই অগপৰে মিত্রতা কৰাতকৈ শত্রুৰ সৈতে মিত্রতা কৰা ভাল বুলি মন্তব্য কৰে৷ লগতে তেওঁ অগপৰে মিত্রতা জাপি নিদিবলৈ আহ্বান জনায় ৰাজ্যিক নেতৃত্বক৷ লক্ষণীয়ভাৱে সম্প্রতি লখিমপুৰ সমষ্টিটো আছে মিত্রদল অগপৰ দখলত৷ ইয়াৰ মাজতে বিজেপিৰ জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাই অগপৰ সৈতে কার্যতঃ মিত্রতা নকৰিবলৈ ৰাজ্যিক নেতৃত্বত আহ্বান জনোৱাটো যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিষয়টো দলৰ ৰাষ্ট্রীয় নেতৃত্ব আৰু অগপৰ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰে৷ মিত্র দলৰ প্রার্থীজন পৰাজিত হ’লে বিজেপিৰেই ক্ষতি হ’ব বুলি উল্লেখ কৰি তেওঁ বিষয়টো অগপৰ নেতৃত্বক জনাব বুলি সদৰী কৰে৷ ইফালে, সাংগঠনিক সভাখনত দিয়া ভাষণ প্রসংগত ৰাজ্যিক বিজেপিৰ সভাপতিজনে আগন্তুক নির্বাচনত বিজেপিয়ে ১০৩খন আসন দখল কৰাৰ কথাও দোহাৰে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ ব্যাখ্যা কৰি তেওঁ এই আঁচনিসমূহৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকলৰ ওচৰ চাপিবলৈ দলীয় কর্মীসকলক আহ্বান জনায়৷ বিকাশক মূল ইছ্যু হিচাপে লৈ আগন্তুক নির্বাচনত বিজেপিয়ে ৰাইজৰ কাষ চাপিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে এছআই কেলেংকাৰিত জড়িত ৫৪জনক এমাহৰ ভিতৰতে গ্রেপ্তাৰ কৰাটো এক নজিৰবিহীন ঘটনা৷ ব্যক্তি বিশেষৰ বাবে নহয়, দলৰ হকেহে কাম কৰিবলৈ তেওঁ দলীয় কর্মীসকলক আহ্বান জনায়৷ বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিধায়ক দেৱানন্দ হাজৰিকা, কিষাণ মর্চাৰ ৰাজ্যিক সভাপতি প্রফুল্ল বৰাকে ধৰি দলৰ কেইবাজনো ৰাজ্যিক পর্যায়ৰ নেতা উপস্থিত আছিল৷ এই সভাখনতে কংগ্রেছ, গণশক্তি আদি দলৰ অর্ধশতাধিক নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷

You might also like