নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষয়–আলিয়া-অমিতাভ বচ্চন দেশৰ সন্মানীয় চেলিব্রেটী

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ জাপানৰ সংস্থা ‘ৰাকুটেন’-এ চলোৱা এক সমীক্ষা অনুসৰি বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আটাইতকৈ আবেদনময় চেলিব্রেটী হিচাপে চিহ্ণিত হৈছে৷ সংস্থাটোৱে ট্রাষ্ট, আইডেনটিফাই, এট্রাকটিভ, ৰেছপেক্ট আৰু আপীল অর্থাৎ টি আই এ আৰ এৰ ওপৰত নির্ভৰ কৰি এই সমীক্ষা চলাইছিল৷

সংস্থাটোৰ সমীক্ষা অনুসৰি অমিতাভ বচ্চন ভাৰতৰ আটাইতকৈ সন্মানীয় চেলিব্রেটী৷ সেইদৰে আলিয়া ভাট আটাইতকৈ এট্রাকটিভ চেলিব্রেটী হিচাপে চিহ্ণিত হৈছে৷ ক্রিকেটাৰ বিৰাট কোহলি আৰু তেওঁৰ অভিনেত্রী পত্নী অনুষ্কা শর্মা ট্রাষ্টেড চেলিব্রেটী হিচাপে চিহ্ণিত হৈছে৷

৪৮ পৃষ্ঠাৰ এই সমীক্ষাৰ ১৮০গৰাকী অভিনেতা–অভিনেত্রী তথা খেলুৱৈক সামৰি লোৱা হৈছিল৷ লক্ষণীয়ভাৱে এই সমীক্ষাত দীপিকা পাডুকনক মোহময়ী অভিনেত্রী হিচাপে চিহ্ণিত কৰাৰ উপৰি প্রিয়ংকা চোপ্রাক ছেক্সিয়েষ্ট চেলিব্রেটী আখ্যা দিয়া হৈছে৷

You might also like