নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেলেনস্কিয়ে কাক ক’লে- আমি নাপাহঁৰো, আমি ক্ষমা নকৰোঁ…

বিশেষ বাৰ্তা,৭ মাৰ্চঃ we will not forget, we will not forgive. আমি নাপাহঁৰো, আমি ক্ষমা নকৰোঁ। পৰাক্ৰমী ৰুছ সামৰিক বাহিনীৰ আগত নতশিৰ নহৈ শেষলৈ যুঁজি যোৱাৰ পণ ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ। ইউক্ৰেইনত নৃশংসতা চলোৱা, আনকি শিশু-মহিলাকো এৰি নিদিয়াসকলক এদিন হ’লেও শাস্তি দিয়া হ’ব। এই হুংকাৰ জেলেনস্কিৰ। স্থল, জল আৰু আকাশী পথেৰে ৰাছিয়াই সমানে আক্ৰমণ চলোৱাৰ পাছতো পলায়ণ নকৰি সাহসেৰে নিজৰ ভূমিত ঠিয় দি থকা ইউক্ৰেইনী ৰাষ্ট্ৰপতিগৰাকীয়ে অৱশেষত এই হুংকাৰে দিলে। তেওঁ স্বদেশ ৰক্ষাৰ বাবে যত কিছু কৰিব পাৰি সকলোখিনিয়ে কৰি আছে। তাৰ পাছতো ৰাছিয়াৰ আগ্ৰাসন বন্ধ কৰিব পৰা নাই। নাটোৰ পৰা ৰাছিয়াৰ বিৰুদ্ধে আকাশী পথ বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ পাছতো নাটোৱে সেই কাম নকৰিলে। মাৰ্কিন চিনেটৰ এগৰাকীয়ে এই সন্দৰ্ভত কৈছে যে নাটোৱে তেনে কাম কৰা মানে তৃতীয় বিশ্বযুদ্ধক আমন্ত্ৰণ জনোৱা।

You might also like