নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ প্ৰতিটো পদক্ষেপ আৰু আঁচনিৰ খবৰ দিবলৈ শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব ‘জনসংযোগ বাতৰি’ৰ সম্প্ৰচাৰ

বহু স্থানত সংযুক্ত কৰা হ'ব নতুনকৈ ফিক্সড লাউড স্পীকাৰ ছিষ্টেম (FLS)

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ আজি তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দিছপুৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে আয়োজন কৰা এক অনুষ্ঠানত সাংবাদিকসকলক সম্বোধন কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ‘জনসংযোগ বাতৰি’ৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ৰাজ্যৰ বিভিন্ন স্থানত বিভাগটোৱে স্থাপন কৰা প্ৰায় ১,৬০০ ফিক্সড লাউড স্পীকাৰ ছিষ্টেম (FLS)ৰ জৰিয়তে পুৱা ৯.৩০ বজাত আৰু সন্ধিয়া ৬.৩০ বজাত এই বাতৰি সম্প্ৰচাৰ কৰা হ’ব। ৰাজ্যখনৰ উল্লেখযোগ্য বাতৰিসমূহ সামৰি সপ্তাহত দুবাৰকৈ সম্প্ৰচাৰ কৰা হ’ব ‘জনসংযোগ’ বাতৰি।

প্ৰকৃত আৰু তথ্যভিত্তিক বাতৰিৰ জৰিয়তে যাতে ৰাজ্য চৰকাৰৰ প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনিৰ খবৰ জনগণক দিব পৰা যায়, সেয়াই এই বাতৰিৰ প্ৰধান উদ্দেশ্য হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ৰাজ্যখনৰ আৰু বহু স্থানত নতুনকৈ ফিক্সড লাউড স্পীকাৰ ছিষ্টেম (FLS) সংযুক্ত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে।

You might also like