নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসংখ্যা বিস্ফোৰণ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আদৰণি

নিয়মীয়া বাৰ্তা ১১ জুনঃ  মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ সফলতাৰে এমাহ সম্পূৰ্ণ কৰা বাবে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনসংখ্যা সমাধান ফাউণ্ডেচনৰ তৰফৰ পৰা অভিনন্দন জনাইছো। নিৰ্বাচনৰ পূৰ্বে আমি প্ৰতিটো ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতাসকলক জনসংখ্যা বিস্ফোৰণৰ বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনাইছিলো। আমাৰ আহ্বানৰ প্ৰতি স্পষ্টকৈ সহাৰি জনোৱা একমাত্ৰ নেতাগৰাকীয়েই আছিল মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেখেতে জনসংখ্যা বিস্ফোৰণ সম্পৰ্কে অসমবাসী ৰাইজক সজাগ কৰি দিছিল। জয়লাভ কৰি অসমৰ গুৰুদায়িত্ব লোৱাৰ পিছতো বিষয়টোক লৈ তেখেতে যি তৎপৰতা দেখুৱাইছে তাৰ বাবে আমি উৎসাহী হৈ পৰিছো।

চৰকাৰৰ এমাহ পূৰ্তি উপলক্ষে  তেখেতে জন-বিস্ফোৰণক লৈ শংকা ব্যক্ত কৰাৰ লগতে জনসংখ্যা বিস্ফোৰণ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছে। জন-বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উল্লেখযোগ্য মন্তব্য আগবঢ়াই কৈছে যে ‘এনেদৰে জনসংখ্যা বৃদ্ধি পাই গৈ থাকিলে কোনোবা দিনা তেওঁলোকে কামাখ্যা মন্দিৰতো দখল কৰিব’। হয় এয়াই হৈছে ভয়লগা বাস্তৱ। এই বাস্তৱক উপলব্ধি কৰি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰা আমি দেখিবলৈ পাইছো। তেখেত আমছু (AAMSU) আৰু এ আই ইউ ডি এফক (AIUDF) দলকো জনসংখ্যা নিয়ন্ত্ৰণৰ চেষ্টা কৰিবলৈ আহ্বান জনাইছে। যিটো আমি ফাউণ্ডেশ্যনৰ পৰা সময়ে সময়ে কৰি আহিছো। এই ছেগতে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ তৰফৰ পৰা পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু অসমত শীঘ্ৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন তথা ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছো, যত জনসংখ্যা বিস্ফোৰণকাৰীক সকলো সাংবিধানিক আৰু চৰকাৰী সুবিধা আদিৰ পৰা আতৰাই ৰাখিব পাৰি।

মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসংখ্যা বিস্ফোৰণৰ দৰে ভয়াৱহ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো এখন কঠোৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত আগভাগ ল’ব বুলি আমি আশাবাদী।জনসংখ্যা বিস্ফোৰণ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আদৰণি।

You might also like