নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ সামূহিক চিকিৎসাৰলয়ৰ ক’ভিড যোদ্ধাক সম্বৰ্ধনা এজেৱাইচিপিৰ

নিয়মীয়া বাৰ্তা, ১১ জুন: জোনাই মহকুমা সামূহিক চিকিৎসালয়ৰ ক’ভিড যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন ৷ জাতীয়তাবাদী যূৱ ছাত্র পৰিষদ জোনাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থকা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক এজোপা গছ, এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিড যুদ্ধত সম্মুখৰ পৰা নেতৃত্ব দি আহিছে চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলে ।

ক’ভিডৰ এই ভয়াৱহ পৰিৱেশৰ মাজত পৰিয়াল-পৰিজনৰ পৰা আঁতৰত থাকি দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থাকে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল। আজিৰ সম্বৰ্ধনাৰ অনুষ্ঠানত জোনাই মহকুমা সামূহিক চিকিৎসালয়ৰ প্ৰাংগণত এজোপা বকুল গছ ৰূপন কৰে ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ গুণদা লাগাছুৱে৷

আজিৰ সম্বৰ্ধনা অনুষ্ঠানত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, কাৰ্যনিৰ্বাহক নীল গগৈ , জিলা সমিতিৰ উপদেষ্টা ৰজনী সন্দিকৈ, সাংগঠনিক সম্পাদক ধিৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰত্নেশ্বৰ মিৰি, ভাৰপ্ৰাপ্ত সম্পাদক দিব্যজ্যোতি কোঁৱৰ লগতে সংগঠনটোৰ সমূহ কৰ্ম কৰ্তা উপস্থিত থাকে৷

You might also like