নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত কংগ্ৰেছ-অজাপ কৰ্মীসহ অৰ্ধশতাধিকৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ দেশৰ অষ্টাদশসংখ্যক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন আসনৰ আটাইকেইখন আসন দখল কৰি পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিবলৈ উঠি পৰি লাগিছে ভাৰতীয় জনতা পাৰ্টি৷ হিন্দু ভোটাৰৰ সমান্তৰালকৈ মুছলমান ভোটাৰকো বিজেপিৰ প্ৰতি আকৃষ্ট কৰিবলৈ মুছলমান অধ্যুষিত অঞ্চলত নামি পৰিছে দলটোৰ নেতাসকলে৷ এনেকুৱা সময়তে নামনি অসমৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী জিলাতো এতিয়া চলিছে ইছলাম ধৰ্মীলোকৰ বিজেপিত যোগদান কাৰ্যসূচী৷ আজি বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বজালী জিলাৰ অন্তৰ্গত বজালী মণ্ডল, পাটাছাৰকুছি মণ্ডল, পাঠশালা মণ্ডল আৰু পাকা মণ্ডলৰ পৰা কংগ্ৰেছ, অজাপ আৰু এই আই ইউ ডি এফৰ অৰ্ধশতাধিক কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ আজিৰ এই যোগদান কাৰ্যসূচীত পাকা বেতবাৰী অঞ্চলৰ ৩০ গৰাকী মুছলমান ব্যক্তিয়ে৷ তেওঁলোকে বিজেপিত যোগদান কৰি শেহতীয়াভাবে বিজেপিৰ উন্নয়নকামী কামৰ বাবে দলটোৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰাৰ লগতে পূৰ্বতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ হৈ কাম কৰিছিল বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও আজিৰ যোগদান কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ১১ গৰাকী সদস্যই বিজেপিত যোগদান কৰে৷ উল্লেখযোগ্য যে অসম জাতীয় পৰিষদে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিত চিপিএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ আনহাতে পাটাছাৰকুছি পৌৰ সভাৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ তথা বজালীৰ কংগ্ৰেছ নেতা ধীৰাজ কলিতায়ো আজি আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে৷ উক্ত যোগদান কাৰ্যসূচীতে প্ৰাক্তন আৰক্ষী বিষয়া হিতেশ পাটগিৰিয়ে বিজেপিত যোগদান কৰে৷ উল্লেখযোগ্য যে হিতেশ পাটগিৰি বিজেপিৰ বজালী জিলা সমিতিৰ প্ৰাক্তন জিলা আহ্বয়ক ৰাহুল পাটগিৰিৰ পিতৃ৷ বিজেপিৰ বজালী জিলা কাৰ্যালয়ত অনুষ্ঠিত আজিৰ উক্ত যোগদান কাৰ্যসূচীত বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, জিলা উপ সভাপতি কিশোৰ ডেকা, পৰাগ তালুকদাৰকে ধৰি কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like