নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ জলবিস্ফোৰণ : ১৫ দিনলৈ বন্ধ জাইকাৰ পানী যোগান সেৱা

বিশেষ বার্তা, ২৭ মেঃ গুৱাহাটী মহানগৰবাসীক ২৪ ঘণ্টাই পানী যোগানৰ বাবে লোৱা শ শ কোটিটকীয়া অভিলাষী প্রকল্প এতিয়া প্রহসনত পৰিণত হৈছে৷ চৰকাৰ তথা ঠিকাদাৰী প্রতিষ্ঠানৰ লুণ্ঠনৰ বাবেই কালি খাৰঘুলিত জাইকাৰ পানীৰ পাইপ ফুটি হোৱা জল বিস্ফোৰণে মহানগৰবাসীলৈ শংকা আৰু বিভীষিকা নমাই আনিছে৷ বিভাগীয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে জলবোমালৈ ৰূপান্তৰিত হোৱা খাৰঘুলি দক্ষিণ কেন্দ্রীয় পানী যোগান প্রকল্প অহা ১৫ দিনৰ বাবে বন্ধ থাকিব৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আজি সাময়িকভাৱে ১৫ দিনৰ বাবে জাইকাৰ পানী যোগান প্রকল্প বন্ধ কৰাৰ কথা ঘোষণা কৰে৷ এই সময়ছোৱাত জাইকাৰ পানী যোগান প্রকল্পৰ বিভিন্ন দিশ সন্দর্ভত তদন্ত কমিটীয়ে নিৰীক্ষণ কৰি প্রতিবেদন দাখিল কৰিব৷ কালি জাইকাৰ পানীৰ পাইপ ফুটি হোৱা জল বিস্ফোৰণত এগৰাকী মহিলাই অকালতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ২০টাৰো অধিক পৰিয়াল ক্ষতিগ্রস্ত হয়৷ কালিৰে পৰা সাময়িকভাৱে জাইকাৰ পানী যোগান প্রক্রিয়া বন্ধ হৈ আছে৷ আজি মহানগৰ জিলাৰ উপায়ুক্তই আগন্তুক ১৫ দিনৰ বাবে জাইকাৰ পানী যোগান প্রক্রিয়া বন্ধ ৰাখিছে৷ এই সময়ছোৱাত জাইকাই পানী যোগান ধৰা ৰাজগড়, জু–ৰোড, অমিয়নগৰ, পূব শৰণীয়া, গান্ধীবস্তি, লাচিতনগৰ, কৃষ্ণনগৰ, চানমাৰি, মিলনপুৰ আদি অঞ্চলত বসবাস কৰা লোকসকলে পানীৰ সংকটত ভুগিব৷ এই অঞ্চলকেইটাত বসবাস কৰা লোকসকলে পোন্ধৰ দিনৰ বাবে পানীৰ নাটনিত ভুগিবলগীয়া হ’ব বুলি চর্চা চলাৰ পিছতে অঞ্চলটোৰ লোকসকলে এইক্ষেত্রত শীঘ্রে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷ ঠিকাদাৰী প্রতিষ্ঠান আৰু বিভাগীয় কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই কালি খাৰঘুলিত সংঘটিত হয় এই ভয়াৱহ ঘটনা৷ অঞ্চলটোত বসবাস কৰা কুৰিটাৰো অধিক পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহুকেইখন দুচকীয়া, চাৰিচকীয়া বাহন ক্ষতিগ্রস্ত হয়৷ পানীৰ কোবাল সোঁতে উটুৱাই নিয়া দুচকীয়া বাহনকেইখনৰ ভিতৰত এতিয়াও দুখন বাহন বিচাৰি পোৱা নাই৷ জল বিস্ফোৰণত সর্বস্বান্ত হোৱা পৰিয়ালকেইটাই জয়পুৰ প্রাথমিক বিদ্যালয়ত আশ্রয়গ্রহণ কৰিছে৷ আজি উক্ত অঞ্চলটোত বহুকেইগৰাকী নেতা–মন্ত্রী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ক্ষতিগ্রস্ত পৰিয়ালক সাহায্য প্রদানৰ আশ্বাস প্রদান কৰে৷ আশ্রয় শিবিৰত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ স্বাস্থ্য পৰীক্ষা কৰে গুৱাহাটী ৰেডক্রছ ছ’চাইটীয়ে৷

You might also like