নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতা নে বিলাসিতা : ছত্তিশগড়ত ফোনৰ বাবে জলাশয় সিঁচিলে চৰকাৰী বিষয়াই

বিশেষ বাৰ্তা, ২৭ মেঃ ক্ষমতা আৰু পদবীৰ বলত বলীয়ান এজন বিষয়াই কিমান মইমতালি কৰিব পাৰে তাৰ এটা উদাহৰণ ছত্তিশগড়ত প্রমাণিত হৈছে৷ ৰাজ্যখনৰ এজন চৰকাৰী বিষয়াই এটা ম’বাইল ফোনৰ বাবে বান্ধৰ জলাশয়ৰ লাখ লাখ লিটাৰ পানী সিঁচি অপচয় কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত তীব্র আলোড়নৰ সৃষ্টি হৈছে৷ তথ্য মতে, ছত্তিশগড়ৰ কয়লিবেদা খণ্ডৰ খাদ্য পৰিদর্শক এজনে তেওঁৰ ম’বাইল ফোনটো বান্ধৰ জলাশয়ত পৰাৰ পিছতেই চৰকাৰী বিষয়াক সেই বান্ধৰ পানী সিঁচিবলৈ নির্দেশ দিয়ে৷ ৰাজেশ বিশ্বাস নামৰ খাদ্য পৰিদর্শকজনৰ ৯৬ হাজাৰ টকীয়া ছেমছাং ম’বাইল ফোন এটা বান্ধৰ জলাশয়ৰ ১৫ ফুট গভীৰতাত পৰি যায়৷ বিলাসী ফোনটো পৰি যোৱাৰ পিছত ক্ষমতাত অন্ধ হৈ পদবীৰ বলেৰে বিশ্বাসে ১৫ ফুট গভীৰতাৰ পানী সিঁচি তেওঁৰ ফোনটো উলিয়াবলৈ বান্ধৰ লগত জড়িত কর্তৃপক্ষক নির্দেশ দিয়ে৷ তিনি দিন ধৰি জলাশয়ৰ পানী সিঁচিব ধৰে৷ তিনি দিনত জলাশয়ৰ ২১ লাখ লিটাৰ পানী সিঁচি বিষয়াজনে অপচয় কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে জিলা উপায়ুক্তই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ২১ লাখ লিটাৰ পানী সিঁচাৰ পিছতো বিশ্বাসৰ ম’বাইল ফোনটো লাভ কৰা নাছিল৷ পানীৰ নাটনিয়ে অঞ্চলটোৰ নাগৰিকক হাহাকাৰ পৰিৱেশৰ সন্মুখীন কৰোৱাৰ সময়তে এটা ফোনৰ বাবে লাখ লাখ লিটাৰ পানী অপচয় কৰা বিষয়াজনক শাস্তি হিচাপে নিলম্বন কৰিছে জিলা উপায়ুক্ত ড০ প্রিয়ংকা শুক্লাই৷

You might also like