নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশলৈ মোদী

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বাংলাদেশৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী আৰু বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী অনুষ্ঠানত অংশগ্রহণ কৰাৰ বাবে কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ঢাকাত উপস্থিত হ’ব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ আমন্ত্রণক্রমে ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে ঢাকাত উপস্থিত হ’ব৷ ক’ভিড–১৯ মহামাৰী আৰম্ভ হোৱাৰ পিছত এয়াই হ’ব ভাৰতৰ প্রধানমন্ত্রী মোদীৰ প্রথমটো বিদেশ ভ্রমণ৷

ভ্রমণকালত মোদীয়ে বাংলাদেশৰ ৰাষ্ট্রপতি মহম্মদ আব্দুল হামিদ, প্রধানমন্ত্রী শ্বেখ হাছিনা আৰু বিদেশমন্ত্রী এ কে আব্দুল মমেনৰ সৈতে তিনিলানি দ্বিপাক্ষিক বৈঠকত উপস্থিত থাকিব৷ কাইলৈ ভাৰতৰ প্রধানমন্ত্রীগৰাকী ঢাকাৰ হজৰত শ্বাহজালাল আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত নেতাগৰাকীক আদৰণি জনাব বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মোদীয়ে ছাভাৰ ৰাষ্ট্রীয় স্মৃতিসৌধত মুক্তিযুদ্ধত প্রাণ আহুতি দিয়া শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷

You might also like