নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাৰ দোষীক শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ যোৰহাটৰ ৰাজপথত সোমবাৰে ভৰ দুপৰীয়া জনসমাগমপূর্ণ নির্মল চাৰিআলিত অর্ধশতাধিক নৰাধমে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে এজন সম্ভাৱনাপূর্ণ যুৱক তথা ছাত্র নেতাক৷

বর্বৰোচিত আক্রমণ আৰু হত্যাকাণ্ডৰ ঘটনাৰে জড়িত দোষীক শাস্তি প্রদানৰ সকলো ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লগতে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্রীগৰাকীয়ে। ইফালে চৰকাৰৰ তৰফৰ পৰা অনিমেষ ভূঞাৰ পৰিয়ালক ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰা হ’ব বুলিও জনায়।

ৰাজ্য জোকাৰি যোৱা ঘটনাটো সন্দর্ভত প্রতিক্রিয়া প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে লিখিছে- “যোৰহাটত কালি দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ উদীয়মান যুৱকজনে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাত গভীৰভাৱে মৰ্মাহত হৈছোঁ৷

এই ঘটনাত জড়িত থকা বুলি চিনাক্ত কৰাসকলক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে৷ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশনা দিছোঁ৷ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰী জি পি সিঙক ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰি এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰিছোঁ৷

আমাৰ চৰকাৰৰ হৈ সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে আৰু অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ এই কৰুণ সময়ত ঘটনাত নিহত অনিমেষ ভূঞাৰ পৰিয়ালক আমাৰ চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰা হ’ব৷”

You might also like