নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোঁৰামাৰাৰ ডেম্পত আৰক্ষীৰ অভিযানঃ মহিলাসহ ৮ গভাইত চোৰক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ একাংশ ভগা–ছিগাৰ ডেম্প অপৰাধী চক্রৰ ঘাটিত পৰিণত হৈছে৷ ডেম্পত বাহৰ পাতি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা অপৰাধী চক্রই মহানগৰীত চুৰি, ডকাইতিকে ধৰি অন্যান্য অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে৷ মহানগৰীৰ ঘোঁৰামাৰাস্থিত এটা ডেম্পত গোপন সূত্রৰ পম খেদি কালি নিশা দিছপুৰ আৰক্ষীয়ে অভিযান চলায়৷ দিছপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত ঘোঁৰামাৰাৰ ডেম্পটোত কালি নিশা অভিযান চলাই আৰক্ষীৰ অভিযানকাৰী দলটোৱে মহিলাসহ ৮ গভাইত চোৰক গ্রেপ্তাৰ কৰাৰ লগতে বহু চুৰি সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ডেম্পটোৰ পৰা বহু পৰিমাণৰ কাঁহ–পিতলৰ সামগ্রীৰ লগতে মন্দিৰত ব্যৱহাৰ কৰা বহু মূল্যৱান সামগ্রী উদ্ধাৰ কৰে৷ ডেম্পৰ গৰাকী ৰহিমা বেগম নামৰ এগৰাকী মহিলাৰ নেতৃত্বত চলা চোৰৰ গেংটোৱে মহানগৰীৰ বিভিন্ন প্রান্তত চুৰিকার্য সংঘটিত কৰি অহা বুলি জানিব পৰা গৈছে৷

আনকি মহিলাগৰাকীয়ে বহু কিশোৰক চুৰিকার্যত লিপ্ত কৰোৱাৰ ইভিযোগো উত্থাপিত হৈছে৷ ডেম্পৰ গৰাকী ৰহিমা বেগম নামৰ মহিলাগৰাকীয়ে চুৰি সামগ্রী কম দামত ক্রয় কৰি ব্যৱসায় চলাই অহাৰ লগতে চুৰিকার্যত জড়িত চোৰকেইটাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি কালি নিশা ডেম্পটোত অতর্কিতে অভিযান চলাই ডেম্পটোৰ গৰাকী ৰহিমা বেগমৰ লগতে মাজম আলী, ভানু আলী, সুচেন আলী, চানডে আলী আৰু এটি ১৩ বছৰীয়া কিশোৰসহ মুঠ ৮ গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু চুৰিকার্যৰ সৈতে জড়িত আন কেইবাটাও চোৰ শীঘ্রে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like