নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহত গঁড় বৃদ্ধিক লৈ উৎফুল্লিত তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা 

নিয়মীয়া বার্তা,  ৭ মেঃ সমগ্র বিশ্বত ক’ভিড–১৯ৰ সংক্রমণ ৰুধিবলৈ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা তৃতীয় পর্যায়ৰ লকডাউনৰ মাজতেই মানাহ ৰাষ্ট্রীয় উদ্যানক লৈ ক্রিকেটাৰ ৰোহিত শর্মাৰ ফেচবুক পোষ্টে আনন্দিত   কৰি তুলিছে প্রকৃতিপ্রেমীসকলৰ লগতে মানাহ ৰাষ্ট্রীয় উদ্যানৰ লগত জড়িত সকলক৷ তাৰকা ক্রিকেটাৰ ৰোহিত শর্মাই সামাজিক মাধ্যম ফেচবুকত বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যানত এশিঙিয়া গঁড বৃদ্ধিক লৈ উৎফুল্ল হৈ পৰাৰ লগতে চলিত বর্ষত ৰাষ্ট্রীয় উদ্যানখনত তৃতীয়টো গঁডৰ পোৱালিৰ জন্ম হোৱাক লৈ আনন্দ প্রকাশ কৰে৷ ক্রিকেটাৰগৰাকীয়ে ফেচবুক পোষ্টটোত অসম, বিটিচিৰ বন বিভাগ, আন্তঃৰাষ্ট্রীয় গঁড সংৰক্ষণ সংস্থা আৰু বন্যপ্রানী সংস্থা ডব্লিউ ডব্লিউ এফৰ কাম–কাজৰ শলাগ লয়৷ উল্লেখ্য যে ২০১৮ চনৰ পৰা দেশৰ গঁড় এম্বেছেডৰ হিচাপে নিযুক্ত হৈ আছে তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা৷

You might also like