নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মসূত্ৰে বেংগালুৰুলৈ যোৱা কাছাৰৰ যুৱক সন্ধানহীন

বেংগালুৰুৰ পৰা সন্ধানহীন কাছাৰ জিলাৰ সোণাইৰ বেৰাবাক ৩নং ব্লকৰ এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱকজনৰ মাতৃ পিশাক্তম্বী শৰ্মাই সোণাইৰ আৰক্ষী থানাত নিৰুদ্দেশ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে।

শনিবাৰৰ দিনা নিৰুদ্দেশ হোৱা যুৱকজনৰ মাতৃৰ হৈ নগদিৰগ্ৰাম চান্দপুৰ জিপি আঞ্চলিক পঞ্চায়তৰ সদস্য ৰকিব আহমেদ মজুমদাৰে সংবাদ মাধ্যমৰ আগত কয় যে বেৰাবাকৰ ৩নং ব্লকৰ বাসিন্দা প্ৰয়াত শান্তিদাস শৰ্মাৰ পুত্ৰ সৰুপম শর্মা (২০)ই কর্মসূত্রে বেংগালুৰুৰ ইন্দিৰা নগৰৰ এখন হোটেলত কাম কৰি আছিল। তাত এমাহ কাম কৰাৰ পিছত তেওঁলোকে গম পায় যে  সৰুপম আন ঠাইলৈ গৈছে। ইয়াৰ পিছত তেওঁলোকৰ সৈতে যোগাযোগ নোহোৱা হৈ যায়।

১৯ ডিচেম্বৰত যোগাযোগ কৰাত তেওঁৰ ফোনটো ছুইচ অফ হৈ থকা অৱস্থাত পোৱা গৈছিল । ফলত পুত্ৰৰ কোনো খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে মাতৃগৰাকী। পুত্ৰক বিচাৰি উলিয়াবলৈ আৰক্ষী প্ৰশাসনক আবেদন জনাইছে মাতৃগৰাকীয়ে । যদি কোনোবাই তেওঁক বিচাৰি পায় তেন্তে ৬০০০২৭৭০১৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

নিয়মীয়া বাৰ্তা, শিলচৰ, ২৭ ডিচেম্বৰ : 

You might also like