নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৪৬৮ দিনৰ পাছত অষ্ট্ৰেলিয়াত ইংলেণ্ডৰ টেষ্ট জয়

২০২৫–২৬ এছেজ ছিৰিজত ইংলেণ্ডে নিজৰ প্ৰথম জয় লাভ কৰিছে। আৰম্ভণিৰ তিনিখন টেষ্টত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ইংলেণ্ডে চতুৰ্থ টেষ্টত জয় সাব্যস্ত কৰে। অষ্ট্ৰেলিয়াত প্ৰায় ১৪ বছৰৰ পিছত ইংলেণ্ডে এই জয় লাভ কৰিবলৈ সক্ষম হয়। মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা চতুৰ্থ এছেজ টেষ্ট মাত্ৰ দুদিনৰ ভিতৰতে সমাপ্ত হয়। এই মেচত ইংলেণ্ড দলটো প্ৰথম ইনিংছতে মাত্ৰ ১১০ ৰানত অলআউট হৈছিল। তাৰ পিছতো ইংলেণ্ডে ৪ উইকেটত মেচ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

মেলবৰ্ণত খেলা এই টেষ্ট মেচত অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছত মাত্ৰ ১৫২ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত কেংগাৰু বাহিনীয়ে ইংলেণ্ডক ১১০ ৰানতে অলআউট কৰি দিয়ে। এইদৰে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪২ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। অৱশ্যে দ্বিতীয় ইনিংছত অষ্ট্ৰেলীয় দলটো মাত্ৰ ১৩২ ৰানতে সীমাবদ্ধ থাকে আৰু ইংলেণ্ডক ১৭৫ ৰানৰ লক্ষ্য প্ৰদান কৰে। বলাৰ-সহায়ক পিচত এই লক্ষ্যটো যথেষ্ট কঠিন যেন লাগিছিল। কিন্তু দ্বিতীয় ইনিংছত ইংলেণ্ডৰ হৈ জেক ক্ৰ’লীয়ে ৩৭, বেন ডাকে’টে ৩৪ আৰু জেকব বেথেলে ৪০ ৰানৰ উৎকৃষ্ট ইনিংছ খেলে। ইংলেণ্ড দলটোৱে ৬ উইকেট হেৰুৱাই লক্ষ্য পূৰণ কৰে। বলিঙত ইংলেণ্ডৰ হৈ জশ টঙে প্ৰথম ইনিংছত ৫টা আৰু দ্বিতীয় ইনিংছত ২টা উইকেট দখল কৰে। জশ টঙক ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয়।

অষ্ট্ৰেলিয়াত প্ৰায় ৫৪৬৮ দিনৰ পিছত ইংলেণ্ডে টেষ্ট জয় লাভ কৰিছে। ইয়াৰ আগতে ইংলেণ্ডে শেষবাৰৰ বাবে ২০১১ চনৰ ৭ জানুৱাৰীত ছিডনী টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। দ্বিতীয় ইনিংছত ইংলেণ্ডে আক্ৰমণাত্মক ক্ৰিকেট খেলি ৩২.২ অভাৰত ১৭৮ ৰান সংগ্ৰহ কৰি মেচ জয় কৰে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছেও ১৩খন টেষ্টৰ পিছত অষ্ট্ৰেলিয়াৰ মাটিত জয় লাভ কৰিবলৈ সক্ষম হয়।

মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থ টেষ্ট মেচখনৰ এক উল্লেখযোগ্য দিশ আছিল যে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া— দুয়ো দলৰ কোনো বেটছমেনেই দুয়ো ইনিংছত অৰ্ধশতক কৰিব নোৱাৰিলে। মেচখনত মুঠ ৫৭২ ৰান সংগ্ৰহ হৈছিল যদিও এজনেও পঞ্চাশ ৰান অতিক্ৰম কৰিব নোৱাৰিলে। এছেজ ছিৰিজৰ ইতিহাসত এইটো এটা অভিনৱ আৰু দুৰ্লভ ৰেকৰ্ড হিচাপে লিপিবদ্ধ হৈছে।

ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ

You might also like