নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেইই কেলেংকাৰিঃ গ্ল’বেল এডু লাইটৰ কর্মচাৰী কাকলি বুজৰবৰুৱাক গ্রেপ্তাৰ

পলাতক ভার্গৱ ডেকাৰ বাসগৃহৰ পৰা এডমিট কার্ড–নথিপত্র জব্দ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষাত (জে ই ই) সংঘটিত জালিয়াতিৰ ঘটনা সন্দর্ভত কালি আজাৰা আৰক্ষীয়ে আন এজন অভিযুক্তক গ্রেপ্তাৰ কৰে৷ আজাৰা থানাৰ আৰক্ষীয়ে যোৱানিশা মহানগৰীৰ ৰূপনগৰৰ পৰা কাকলি বুজৰবৰুৱা নামৰ এগৰাকী মহিলাক জালিয়াতিৰ ঘটনা সংক্রান্তত আটক কৰি নিয়াৰ পাছত কালি গ্রেপ্তাৰ কৰে৷

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত মুন্না প্রসাদ গুপ্তাই সংবাদ মাধ্যমক জনোৱা মতে, কাকলি বুজৰবৰুৱা মহানগৰীৰ আমবাৰীস্থিত ভার্গৱ ডেকা মালিকানাধীন গ্ল’বেল এডু লাইট নামৰ ক’চিং চেণ্টাৰটোৰ কর্মচাৰী৷ কাকলিয়ে ক’চিং চেণ্টাৰটোৰ কাউন্সেলৰ হিচাপে কাম কৰিছিল৷ জে ই ইত ধনৰ বিনিময়ত ভুৱা প্রার্থী অৱতীর্ণ কৰোৱাৰ চাঞ্চল্যকৰ কেলেংকাৰিত কাকলি বুজৰবৰুৱা জড়িত থকাৰ তথ্য–প্রমাণ আৰক্ষীয়ে লাভ কৰা বুলিও মুন্না প্রসাদ গুপ্তাই জনায়৷

উল্লেখ্য যে টাটা ছার্ভিচেছ কনছালটেঞ্চীৰ (টি চি এছ) বৰঝাৰস্থিত ই–কম টাৱাৰত থকা আই অ’ন ডিজিটেল জ’নত যোৱা ৫ ছেপ্টেম্বৰত অনুষ্ঠিত জে ই ইৰ অনলাইন পৰীক্ষাত ধনৰ বিনিময়ত ভুৱা প্রার্থীয়ে পৰীক্ষা দিয়া কেলেংকাৰিত ভার্গৱ ডেকাৰ গ্ল’বেল এডু লাইট জড়িত থকাৰ তথ্য তদন্তকাৰী আৰক্ষীয়ে লাভ কৰিছিল৷

উক্ত কেলেংকাৰিত জড়িত মূল অভিযুক্ত নীল নক্ষত্র দাস তথা চিকিৎসক পিতৃ জ্যোতির্ময় দাসসহ ৫জন অভিযুক্তক আৰক্ষীয়ে মাৰাথন জেৰা চলোৱাৰ পাছতে এই কেলেংকাৰিত ভার্গৱ ডেকাৰ ক’চিং চেণ্টাৰটো জড়িত থকাৰ তথ্য লাভ কৰে৷ ইয়াৰ পাছতে ক’চিং চেণ্টাৰটোৰ মালিক ভার্গৱ ডেকা আৰু মেনেজাৰ ৰুবুল মেধিক আৰক্ষীয়ে বিচাৰি আছে যদিও দুয়োজন বর্তমান পলাতক হৈ আছে৷

আৰক্ষী সূত্রই জনোৱা মতে, ভার্গৱ ডেকাৰ মহানগৰীৰ গীতানগৰত থকা বাসগৃহত শুকুৰবাৰে অভিযান চলাই কেইবাখনো এডমিট কার্ড আৰু নথিপত্র জব্দ কৰে৷ ইয়াৰ পাছতেই ভার্গৱ ডেকাৰ ক’চিং চেণ্টাৰত কাম কৰা কাকলি বুজৰবৰুৱাক গ্রেপ্তাৰ কৰে৷ ইফালে কাকলি বুজৰবৰুৱাক আজাৰা থানাৰ আৰক্ষীয়ে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ কার্যালয়ত হাজিৰ কৰায়৷

আৰক্ষীয়ে কাকলিক ৭ দিনৰ জিম্মাত বিচাৰি আবেদন জনায় যদিও আদালতে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ ধৃত মহিলাগৰাকীৰ এটি কণমানি সন্তান থকা হেতু মানৱীয়তাৰ খাতিৰত গ্রেপ্তাৰ নকৰিবলৈ আৰক্ষীক অনুৰোধ জনোৱাৰ লগতে উক্ত কেলেংকাৰিত তেওঁ এক শতাংশও জড়িত নহয় বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে৷

ইপিনে পলাতক হৈ থকা ভার্গৱ ডেকাৰ ক’চিং চেণ্টাৰটোত বহু দিনৰ পৰা মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ নামভর্তিত জালিয়াতি আৰু দালালি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ এই কেলেংকাৰিত এটা বৃহৎ চক্র জড়িত হৈ আছে৷ বিশেষকৈ ক’চিং চেণ্টাৰটোৰ মেনেজাৰ তথা নলবাৰীৰ বাসিন্দা ৰুবুল মেধিৰ উপৰি নিতু কলিতা, ইউনিচ আৰু বনজিৎ ডেকাৰ নামৰ তিনিজন লোক এই কেলেংকাৰিত সাঙোৰ খাই পৰিছে৷

আৰক্ষীয়ে আটাইকেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বর্তমান আটাইকেইজন পলাতক হৈ থকা বুলি জানিব পৰা গৈছে৷ এই দালাল চক্রটোৱে জালিয়াতিৰে অভিজাত শিক্ষানুষ্ঠানত নামভর্তি কৰাই দিয়াৰ নামত অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ টকা লোৱাৰ তথ্যও আৰক্ষীৰ হাতত পৰিছে৷ এই চক্রটোৱে নামভর্তি কৰোৱাৰ বাবে প্রৱেশ পৰীক্ষাত পৰীক্ষার্থীৰ ছার্টৰ বুটামত ক্ষুদ্র কেমেৰা আৰু কাণত মাইক্র’শ্বীপ সংলগ্ণ ফোন লগাই দিয়াৰো তথ্য পোহৰলৈ আহিছে৷

বিশেষকৈ চক্রটোৱে যোগান ধৰা ক্ষুদ্র কেমেৰাৰ জৰিয়তে পৰীক্ষার্থীজনৰ সন্মুখত থকা কম্পিউটাৰ স্ক্রীনত প্রশ্ণকাকত প্রতিফলিত হয়৷ আৰু ইয়াৰ লগে মাইক্র’শ্বীপ ফোনত উত্তৰসমূহ ভাহি আহে৷ ইফালে ভার্গৱ ডেকা এণ্ড কোম্পানীৰ দালাল চক্রটোৱে শিৱসাগৰৰ প্রগতি নার্ছিং হোমৰ দুজন চিকিৎসকৰ পুত্রক নামভর্তি কৰাই দিয়াৰ নামত ৫০ লাখ টকা লৈছিল যদিও পৰৱর্তী সময়ত কোনো শিক্ষানুষ্ঠানত নামভর্তি কৰাব নোৱাৰাৰ তথ্যও ফাদিল হৈছে৷

আনহাতে, পলাতক ভার্গৱ ডেকাৰ পত্নীৰ নামত দিল্লীত বাসগৃহ থকাৰো তথ্য আৰক্ষীয়ে লাভ কৰে৷ সেইদৰে আই অ’ন ডিজিটেল জ’নত জে ই ইত নীল নক্ষত্র দাসৰ হৈ ভুৱা পৰীক্ষার্থী বহুওৱাৰ সুবিধা কৰি দিয়া তথা উক্ত পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্বত থকা টি চি এছৰ হেমেন্দ্র চন্দ্র শর্মাসহ তিনি কর্মচাৰী প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠকক জেৰা চলাই টি চি এছৰ আৰু কেইবাজনো কর্মচাৰী জড়িত থকাৰ তথ্য লাভ কৰিছে আজাৰা আৰক্ষীয়ে৷ এইক্ষেত্রত তদন্তত সহায় কৰিবলৈ ক্রাইম ব্রাঞ্চৰ লগতে নেচনেল টেষ্টিং এজেন্সীৰ সহায় বিচাৰিছে আৰক্ষীয়ে৷ এনে প্রেক্ষাপটত এই কেলেংকাৰিত জড়িত কেইবাজনো অভিযুক্ত অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

You might also like