নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰাম সীমান্তত উত্তেজনা অব্যাহতঃ বন্দুক দেখুৱাই বাধা আৰপিআইৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ অসম–মিজোৰাম সীমান্তৰ উত্তেজনা মাৰ যোৱা নাই৷ কোনো ধৰণৰ উন্নতি হোৱা নাই৷ মিজোৰামৰ দখলত থকা অসমৰ ভূমি খুলিছডাত ইণ্ডিয়ান ৰিজার্ভ পুলিচৰ (আই আৰ পি) জোৱানে শিবিৰ পাতি বাংকাৰ নির্মাণ কৰিব লগা হৈছে৷ ইতিমধ্যে অতিৰিক্ত আই আৰ পি বাহিনী মোতায়েন কৰা হৈছে৷

যোৱা দুদিনত মিজোৰামৰ অ’ আই এম এ, এম জেড পি সংগঠনৰ সদস্যক লগত লৈ সীমান্তত কেইবাটাও বাংকাৰ নির্মাণ কৰিছে আই আৰ পি বাহিনীয়ে৷ উক্ত এলেকাত হাতত চোকা অস্ত্র লৈ মিজো যুৱকে সন্ত্রাস চলাইছে৷ অসমৰ ইখনৰ পাছত সিখন গাঁও দখলৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে মিজো লোকে৷ অৱশ্যে নতছৰাৰ পৰা অপহৰণ কৰি লৈ যোৱা দুই কৃষকক এৰি দিছে মিজোৰাম পুলিচে৷ কনপুইত আটক কৰি ৰখা ড্রাকচালককো এৰি দিছে৷

বৃহস্পতিবাৰে অসম–মিজোৰাম সীমান্তৰ নতছৰাৰ পৰা আকিল আলীৰ পুত্র ছাজ্জাদুৰ ৰহমান আৰু ইৰমান আলীক তুলি নিছিল মিজোৰাম আৰক্ষীয়ে৷ সীমান্তৰ জংঘলৰ গছ কটাৰ অপৰাধত তেওঁলোকক আটক কৰা হৈছিল বুলি মিজো আৰক্ষীয়ে লায়লাপুৰ আৰক্ষীক জনায়৷ অৱশেষত পৰহি দুপুৰীয়া দুয়োজনক এৰি দিয়া হয়৷ ইপিনে অসমৰ ভূখণ্ড খুলিছডালৈ যাওঁতে প্রাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞা, শ্বৰিফুজ্জামান লস্কৰ, সাধন পুৰকায়স্থসহ এটা সঁজাতী দলক বাধা দিয়ে আই আৰ পি জোৱানে৷ বোমাৰে বিধ্বস্ত কৰা ৯৯০ নম্বৰ ধলাখাল এল পি স্কুল পৰিদর্শন কৰিবলৈ যাওঁতে খুলিছডা দলঙৰ ওপৰত বাধা দিয়ে আই আৰ পি জোৱানে৷

এই ঘটনাত দুয়োপক্ষৰ মাজত তর্কাতর্কি হয়৷ এটা সময়ত আই আৰ পি জোৱানে বন্দুক টোঁৱাই তেওঁলোকক বাধা প্রদান কৰে৷ ইপিনে ছাত্র সংগঠন আকছাৰ প্রতিষ্ঠাপক সভাপতি প্রদীপ দত্তৰয়ে এটা প্রেছ বিবৃতিযোগে কয় যে বর্তমান মিজোৰাম আৰু মেঘালয়ত সংবিধানবিৰোধী অস্থিৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে মিজোৰাম আৰু মেঘালয়ত ৰাষ্ট্রপতি শাসন প্রৱর্তন কৰা উচিত৷

উল্লেখ্য যে অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত অসম–মিজোৰাম সীমান্ত অঞ্চল অসমৰ ভূমি খুলিছডাত এটা ক’ভিড–১৯ টেষ্টিং চেকগেট স্থাপন কৰাৰ ঘটনাক লৈ সংঘাত সৃষ্টি হয়৷ স্থানীয় ৰাইজে বাধা দিয়াৰ পাছতে পৰিস্থিতি উত্তেজনাময় হৈ উঠে৷ নিশা মিজো দুষৃকতিকাৰীয়ে অসমৰ ১৫খন দোকান আৰু এটাৰ পাছত আন এটা ঘৰ জ্বলাই দিছিল৷

তদুপৰি প্রায় তিনি কিলোমিটাৰ অসমৰ ভূমি আই আৰ পি জোৱানে দখললৈ লৈ যায়৷ জোৱানৰ সৈতে মিজো দুষৃকতিকাৰীয়ে অস্ত্র–শস্ত্র লৈ সেই স্থানত টহল দিয়ে৷ আনকি অসমৰ ভূমিত জে চি বি লগাই সীমান্তৰ ভিতৰত প্রৱেশ কৰি মিজোসকলে পাহাৰ খান্দে৷ ইয়াৰ পাছতেই দুয়োখন ৰাজ্য চৰকাৰৰ গৃহ সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ তদুপৰি কেন্দ্রীয় গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্র গার্গৰ উপস্থিতিত শিলচৰত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ যায়৷

উক্ত বৈঠকত মিজোৰামে ইতিবাচক সঁহাৰি জনাইছিল আৰু অসমৰ দখলীকৃত ভূমি মুক্ত কৰাৰ লগতে সেনাবাহিনী আঁতৰাই নিয়াৰ বাবে সহমত পোষণ কৰে৷ কিন্তু এতিয়ালৈ দখলীকৃত এলেকা মুক্ত নকৰা বাবেই স্থানীয় ৰাইজে লায়লাপুৰত ১৫৪নং ৰাষ্ট্রীয় ঘাইপথত অর্থনৈতিক অৱৰোধ কার্যসূচী অব্যাহত ৰাখিছে৷ ইয়াৰ ফলত মিজোৰামলৈ যোৱা শ শ পণ্যসহ ট্রাকসমূহ সীমান্ত এলেকাত আবদ্ধ হৈ পৰিছে৷

You might also like