নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত সংৰক্ষিত হ’ব নীলা ৰঙৰ লুঙী, আৰু কলপতীয়া শাৰী!

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ মিঞা মিউজিয়ামক লৈ ৰাজ্য উত্তপ্ত হৈ থকাৰ সময়তে মিঞা মিউজিয়ামৰ প্ৰস্তাৱ তোলা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ উদ্ভুট মন্তব্য তেওঁৰ মতে মিঞা মিউজিয়ামত কি খাকিব লাগে জানেনে? সাংবাদিকৰ আগত তেওঁ ক’লে মিঞাসকলে এটা সময়ত নীলা ৰঙৰ লুঙী আৰু কলপতীয়া শাৰী পিন্ধিছিল কেৱল শাৰী বা লুধীয়েই নহয় মিঞাই খেতি কৰোতে গোৱা ভাটিয়ালী গীতো সংৰক্ষিত হ’ব মিউজিয়ামত।

খেতিত মিঞাসকলে ব্যৱহাৰ কৰা সঁজুলি, মাছ ধৰা সঁজুলি, খেজুৰৰ পৰা ৰস উলিওৱা পদ্ধতিকে ধৰি সকলো কলাক্ষেত্ৰত স্থান পালে অসমীয়া সংস্কৃতিয়ে বিশ্ব দৰবাৰত এক সুকীয়া স্থান পাব বুলি মন্তব্য কৰে বিধায়ক শ্বেৰমান আলীয়ে।

You might also like