নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ বিন্দু তেজ থকালৈকে বিজেপিয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ নিদিয়ে— কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্হাপনৰ বাবে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে দাঙি ধৰা প্ৰস্তাৱত সমগ্ৰ ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে শেহতীয়াকৈ কেন্দ্ৰীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দুলীয়াজানত অনুষ্ঠিত ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ এক সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত শংকৰদেৱৰ আদৰ্শ গ্ৰহণ কৰা সকলৰ বাবেহে কলাক্ষেত্ৰ কিন্তু বাংলাদেশৰ পৰা অহা মিঞাসকলে অসমত মিঞা সংগ্ৰহালয় বিচৰাটো এটা অযুক্তিকৰ কথা বুলি উল্লেখ কৰে । ধূতি-লুঙী আৰু বোৰ্খা পিন্ধাসকলৰ কি সংস্কৃতি আছে আৰু তেওঁলোকে সংগ্ৰহালয়ত কি থব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে । এইক্ষেত্ৰত শেষ বিন্দু তেজ থকালৈকে বিজেপিয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ নিদিয়ে বুলি দাবী কৰে ।

আনহাতে বিধায়ক তেৰছ গোৱালায়ে কংগ্ৰেছী বিধায়কৰ বিতৰ্কিত প্ৰস্তাৱৰ প্ৰসংগত কয় যে — কলাক্ষেত্ৰত অসমৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আৰু লোক-পৰম্পৰাক প্ৰতিফলিত কৰিছে , তেনেক্ষেত্ৰত এগৰাকী অসমীয়া হিচাপে বিভাজনকামী কথাত গৰিহণা দিছোঁ । অসমত কেৱল অসমীয়াৰ ৰাজত্ব চলিব । অসমৰ খাই বাংলাদেশ-পাকিস্তানৰ জয়গান গোৱা মিঞা বাংলাদেশীসকলক লৈ বিজেপি দায়বদ্ধ নহয় আৰু আগৰলৈকে তেনে শক্তিৰ বিৰোধ কৰি যাব ভাৰতীয় জনতা পাৰ্টিয়ে । এই মন্তব্য বিধায়ক তেৰছ গোৱালাৰ ।

You might also like