নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থায়ীভাবে কিদৰে নাক বজা বন্ধ কৰিব? এটা টেবলেটে শীঘ্রেই আপোনাৰ এই সমস্যাক প্রতিকাৰ দিব পাৰে…

টোপনিত নাক বজা সমস্যাটো এনে এক সমস্যা যাক বাস্তৱত কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। টোপনিত নাক বজাৰ বাবেই বহুলোকৰ নিদ্ৰাহৰণ হোৱাৰ লগতে উজাগৰে পাৰ কৰিবলগীয়াৰ দৰে সমস্যাৰ সৃষ্টি হৈছে। কিন্তু এক টেবলেটে এই সমস্যাৰ পৰা আতৰত ৰাখিব পাৰে আপোনাক।

মানুহে কিয় টোপনিত নাক বজাই?

গৱেষক সকলে অধ্যয়নত পাইছে যে মাংসপেক্ষীত obstructive sleep apnoea হোৱাৰ বাবে বায়ু চলাচল অস্থায়ী ৰূপত বন্ধ হৈ যায়, যাৰ বাবে বহু লোকৰ টোপনিত নাক বাজে।

টেবলেটে কেনেদৰে কাম কৰিব?

২০১৮ চনত, আমেৰিকাৰ বোষ্টনৰ ব্রিগহাম আৰু মহিলা হাস্পতালৰ গবেষকে ২০ জন লোকৰ ওপৰত এক গবেষণা কৰিছিল। তেওঁলোকক দুটা টেবলেট দিয়া হৈছিল যাৰ পাছতে ৰোগীসকলৰ মাজত বহু উন্নতি ফলাফল দেখা গৈছিল। এই দুটা ঔষধ মাজত এটা আছিল atomoxetine। ২০ বছৰ ধৰি ব্যৱহৃত টেবলেটটো সাধাৰণতে Attention Deficit Hyperactivity Disorder (ADHD) আক্রান্ত শিশুসকলক দিয়া হয়।

এয়াই কাৰণ যে বর্তমানত নতুন ঔষধ যাক AD109 হিচাপে নামাকৰণ কৰিছে,ই এই দুটা টেবলেটৰে সংমিশ্রণ। এখন মার্কিন সংস্থাই এই টেবলেট প্ৰস্তুত কৰিছে আৰু এক ক্লিনিকেল ট্রায়েল স্থাপন কৰা হৈছে।

You might also like