নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথক কমতাপুৰ সৃষ্টি কেৱল একাংশ সংবাদ মাধ্যমৰ; জীৱন সিংহক জিৰণি লোৱাৰ পৰামর্শ মুখ্যমন্ত্রীৰ

  • কমতাপুৰ ৰাজ্য গঠনৰ চর্চাক নস্যাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
  • পশ্চিমবংগৰ বাতৰিকাকততো নাই কোনো তথ্য
  • কেএলঅ’ৰ সৈতে শান্তি আলোচনা বহুদূৰ
  • জীৱন সিংহক জিৰণি লোৱাৰ পৰামর্শ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: আঢ়ৈ দশকজোৰা সশস্ত্র সংগ্রাম পৰিহাৰ কৰি শান্তি আলোচনাৰ বাট মুকলি কৰি ম্যানমাৰৰ অৰণ্যৰ পৰা ভাৰতৰ ভূমিত পদার্পণ কৰা কমতাপুৰ লিবাৰেচন অর্গেনাইজেচন, চমুকৈ কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহক লৈ চলি থকা চর্চা হঠাৎ নৰম হৈ পৰিছে৷ কে এল অ’ৰ সৈতে চলিত মাহতে বিশেষকৈ ২৬ জানুৱাৰীৰ পূর্বে শান্তি আলোচনা আৰম্ভ হ’ব বুলি যোৱা সময়ছোৱাত সংবাদ মাধ্যমত সৃষ্টি হোৱা চর্চা তথা নতুন দিল্লীত আৰম্ভ হোৱা তৎপৰতাৰ বিপৰীতে সমগ্র বিষয়টোক একেষাৰে নস্যাৎ কৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কে এল অ’ৰ সৈতে হ’ব লগা আলোচনাৰ জৰিয়তে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্রক্রিয়া আৰম্ভ হ’ব বুলি নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও আৰু কোকৰাঝাৰত দল–সংগঠনসমূহ মাজত যোৱা কেইদিনত আৰম্ভ হৈছিল যথেষ্ট তৎপৰতা৷ আনকি কমতাপুৰ গঠনৰ সম্ভাৱনাক লৈ প্রতিক্রিয়াও প্রকাশ কৰিছিল বহু কোচ ৰাজবংশী সম্প্রদায়ৰ নেতাই৷ ইয়াৰ বিপৰীতে অসম পুনৰ বিভাজিত হ’বলৈ দিয়া নহয় বুলি এক দাবীও উত্থাপন হৈছিল৷ এনে ক্রিয়া–প্রতিক্রিয়াৰ মাজতে কালি নতুন দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কে এল অ’ৰ সৈতে আলোচনা ২৬ জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি কেন্দ্রীয় চৰকাৰে কোনো দিন স্থিৰ কৰা নাই বুলি উল্লেখ কৰাৰ লগতে জীৱন সিংহক জিৰণি লোৱাৰ পৰামর্শ দিছিল৷ কার্যতঃ ইয়াৰ জৰিয়তে শান্তি আলোচনাক লৈ চলি থকা চর্চা নৰম কৰাৰ লগতে কেন্দ্রীয় চৰকাৰে যে খৰখেদাকৈ কে এল অ’ৰ সৈতে আলোচনা আৰম্ভ কৰাৰ ইচ্ছা কৰা নাই ইয়াকো স্পষ্ট কৰিছিল৷ কালিৰ উক্ত মন্তব্যৰ পাছতে আজি মুখ্যমন্ত্রী ড০ শর্মাই পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্রস্তাৱক সম্পূর্ণৰূপে নস্যাৎ কৰে৷ মৰিগাঁও জিলাত অনুষ্ঠিত জোনবিল মেলাৰ কার্যসূচীত অংশগ্রহণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– পৃথক কমতাপুৰ সৃষ্টি কেৱল অসমৰ একাংশ সংবাদ মাধ্যমৰ৷ এনেকুৱা কোনো তথ্য মোৰ ওচৰত নাই৷ অসমৰ বাতৰিকাকততহে এইবিলাক কথা ওলাই আছে৷ উল্লেখ্য যে আঠ সতীর্থসহ জীৱন সিংহই ম্যানমাৰৰ অৰণ্যৰ পৰা নাগালেণ্ডৰ মন জিলাত উপস্থিত হোৱাৰ পাছত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিৰ জৰিয়তে চলা আলোচনাৰ অন্তত নতুন দিল্লীলৈ লৈ যোৱা হৈছিল কে এল অ’ৰ অধ্যক্ষজনক৷ চোৰাংচোৱা সংস্থাৰ বিশেষ তত্ত্বাৱধানত থকা জীৱন সিংহ আৰু কে এল অ’ৰ অন্য নেতৃত্বৰ সৈতে ২৬ জানুৱাৰীৰ পূর্বে প্রাৰম্ভিক আলোচনা অনুষ্ঠিত কৰা হ’ব বুলিও চর্চাৰ সৃষ্টি হৈছে নতুন দিল্লীত৷ আনকি বিষয়টোক লৈ অসম ভৱনত কেন্দ্রীয় গৃহ সচিব অৰুণ কুমাৰ ভাল্লা আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক দীঘলীয়া বৈঠকতো মিলিত হৈছিল৷ এনে তৎপৰতাৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মাই সমগ্র বিষয়টো নস্যাৎ কৰা ঘটনাই স্বাভাৱিকতে তাৎপর্য বহন কৰিছে৷ মুখ্যমন্ত্রীয়ে আজি কয়– পৃথক কমতাপুৰ গঠনৰ খবৰ কেৱল অসমৰ বাতৰিকাকততহে ওলাই আছে৷ মই পশ্চিমবংগৰ বাতৰিকাকত পঢ়িছোঁ৷ তাত কোনো এনে তথ্য নাই৷ পৃথক কমতাপুৰ গঠনক লৈ মুখ্যমন্ত্রীয়ে কৰা এনে মন্তব্যই স্বাভাৱিকতে বহু দিশত উদ্রেক ঘটাইছে৷ জানিব পৰা তথ্য অনুসৰি কেন্দ্রীয় চৰকাৰে কে এল অ’ৰ সৈতে আলোচনাৰ প্রক্রিয়া আগুৱাই নিয়াৰ ক্ষেত্রত কিছু সাৱধানেৰে আগবাঢ়িছে৷ জীৱন সিংহ যদিও আলোচনাৰ বাবে মূলসুঁতিলৈ ঘূৰি আহিছে, এতিয়াও ম্যানমাৰৰ শিবিৰত আছে কে এল অ’ৰ বহু সদস্য৷ সেয়েহে কেন্দ্রীয় চৰকাৰে প্রথমে যুদ্ধবিৰতি তথা অস্ত্র সম্বৰণ কৰিবলৈ কে এল অ’ৰ ওচৰত চর্ত বান্ধি দিছে৷ পৰৱর্তী সময়ত কি বিষয়ৰ ওপৰত আলোচনা হ’ব, তাৰ এক খচৰা প্রস্তুত কৰা হ’ব আৰু উক্ত খচৰাৰ আধাৰতহে আলোচনা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৃথক কমতাপুৰ গঠনৰ আলোচনাক নস্যাৎ কৰাই নহয়, শেহতীয়াকৈ তেওঁৰ ভাষ্য আছিল– কে এল অ’ তথা জীৱন সিংহ মূলসুঁতিলৈ ঘূৰি অহাটো এতিয়া মূল বিষয়৷ কিছুদিনলৈ কে এল অ’ মূলসুঁতিলৈ ঘূৰি অহাটোৱেই খবৰ হৈ থকাটো উচিত৷ অর্থাৎ ইয়াৰ জৰিয়তে আলোচনাৰ প্রক্রিয়া যে অতি সোনকালে আৰম্ভ নহয় সেয়া স্পষ্ট৷ তদুপৰি অসমৰ চাৰিখন জিলাক সাঙুৰি কে এল অ’ই প্রস্তুত কৰা পৃথক কমতাপুৰৰ মানচিত্রক নামনি অসমৰ ৰাইজে কি ধৰণে গ্রহণ কৰে, সেয়াও যথেষ্ট স্পর্শকাতৰ বিষয় হৈ আছে৷ এনে অৱস্থাত কে এল অ’ৰ সৈতে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীক লৈ আলোচনা যে আৰম্ভ নহয়, সেয়া প্রকাৰান্তৰে মুখ্যমন্ত্রী ড০ শর্মাই বুজাই দিছে৷

You might also like