নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভূতৰ চহৰ’লৈ পর্যবসিত যোশীমঠঃ চহৰৰ বাসিন্দাই এতিয়া ঘৰ খালী কৰি গমন কৰিছে নিৰাপদ স্থানলৈ

  • যোশীমঠৰ ৪০ শতাংশ এলেকা যিকোনো মুহূর্তত ডুব যোৱাৰ উপক্রম
  • সেনাবাহিনী–এনটিপিচি বিষয়াৰ পৰিয়ালো স্থানান্তৰিত
  • প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হস্তক্ষেপ কৰাতহে যোশীমঠক লৈ তৎপৰ উত্তৰাখণ্ড চৰকাৰ
  • এনটিপিচিৰ তপোবন বিষ্ণুগড় প্রকল্পই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে যোশীমঠলৈ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: মৰিশালিলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে ধর্মনগৰী যোশীমঠ৷ চহৰখনৰ ৪০ শতাংশ এলেকা যিকোনো মুহূর্তত ডুব যোৱাৰ উপক্রম হৈছে৷ সম্ভৱতঃ প্রথমবাৰৰ বাবে চৰকাৰৰ পৰা ‘নিয়মীয়া বার্তা’ৰ সমুখত বৃহস্পতিবাৰে এই কথা স্বীকাৰ কৰিছে জিলা উপায়ুক্ত (ডি এম) হিমাংশু খুৰানাই৷ পিছে ডুবন্ত চহৰৰ এই ৪০ শতাংশ এলেকাৰ ১০ শতাংশ লোককো এতিয়ালৈকে স্থানান্তৰিত কৰিব পৰা নাই স্থানীয় প্রশাসনে৷ স্বয়ং উপায়ুক্তৰ স্বীকাৰোক্তি এয়া৷ ইয়াৰ বিপৰীতে নিজাববীয়াকৈ চহৰৰ একাংশ লোকে ইতিমধ্যে নিজা নিজা ঘৰ খালী কৰি নিৰাপদ স্থানলৈ গমন কৰাৰ প্রক্রিয়া জাৰি ৰাখিছে৷ ফলত যোশীমঠ এতিয়া এক ‘ভূতৰ চহৰ’লৈ পর্যবসিত হোৱাৰ দিশে আগবাঢ়িছে৷ চহৰৰ জ্যোতির্মঠ, মনোহৰ বাগ এলেকা ইতিমধ্যে ভূত চহৰৰ আগজাননী প্রদান কৰিছে৷ এলেকাৰ ৯০ শতাংশ লোক নিজা বাসভূমি ইতিমধ্যে ত্যাগ কৰিছে৷ যি হাৰত যোশীমঠ খহিব–বহিব ধৰিছে আৰু বেছি দিন নাই চহৰৰ সিংধাৰ, মাৰৱাৰি, ৰবিগ্রাম আৰু সুনীল এলেকাও ভূত চহৰলৈ পর্যবসিত হ’ব৷ যোশীমঠ বাচাও সংঘর্ষ সমিতিৰ আহ্বায়ক অতুল সাতিৰ সৈতে বৃহস্পতিবাৰে এহ প্রতিবেদকৰ কথা হয়৷ সাতিৰ মতে, যোশীমঠ আৰু ৬ মাহ বাচি থাকে নে নাহ সন্দেহ আছে৷

সামান্য বৰষুণ কিম্বা তুষাৰপাতে এদিনতেহ যোশীমঠক অতীত কৰি তুলিব পাৰে৷ প্রতি বছৰ ডিচেম্বৰৰ পৰাহ যোশীমঠত তুষাৰপাত হয়৷ পিছে অতি বিস্ময়কৰভাৱে এহবাৰৰ শীতত যোশীমঠত কালিলৈকে অলপো তুষাৰপাত হোৱা নাছিল৷ সাতিৰ মতে, ৬ চেণ্টিমিটাৰৰ তুষাৰপাতেও যোশীমঠক বিধ্বস্ত কৰি দিব পাৰে৷ সাতিয়ে বিগত ২০ বছৰৰ যোশীমঠ বাচাও সংগ্রামৰ কথা এহ প্রতিবেদকৰ আগত দাঙি ধৰিছে৷ এন টি পি চিৰ তপোবন বিষুগড জলবিদ্যুৎ প্রকল্পৰ বহু পূর্বে ৯০ৰ দশকত জেপি কোম্পানীয়েও ৪৪০ মেগাৱাটৰ আন এটা জলবিদ্যুৎ প্রকল্পৰ যো–জা চলাহছিল যোশীমঠৰ নামনি অঞ্চলত৷ অতুল সাতিৰ নেতৃত্বাধীন আন্দোলনে জেপি প্রকল্পক ৰুধিব পাৰিলেও এন টি পি চিৰ তপোবন প্রকল্পৰ পৰা যোশীমঠ বাচাও সংঘর্য সমিতিয়ে যোশীমঠক বচাব নোৱাৰিলে– আক্ষেপ সাতিৰ৷ সাতিয়ে প্রকাশ কৰা মতে, নতুন বছৰৰ প্রথম দিনা অর্থাৎ ১ জানুৱাৰীত যোশীমঠৰ নাগৰিকসকলে যেতিয়া ডেৰাডুনত মুখ্যমন্ত্রীক সাক্ষাৎ কৰিবলৈ গৈছিল, তেতিয়াও পুষ্কৰ সিং ধামীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়াটো দূৰৰে কথা, তেওঁলোকৰ সৈতে নূ্যনতম সৌজন্যমূলক বার্তালাপৰ পৰাও আঁতৰি থাকে৷ পাছত সংবাদ মাধ্যমৰ জৰিয়তে সাতিৰ আন্দোলনকাৰী দলে যোশীমঠক লৈ জনমত গঢ়ি তুলিবলৈ আৰম্ভ কৰে, তেতিয়া প্রথমতে কেন্দ্রীয় চৰকাৰেহ যোশীমঠৰ আপদকালীন অৱস্থাৰ বুজ ল’বলৈ উচ্চস্তৰীয় বৈঠকত মিলত হয়৷ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও যোশীমঠৰ পৰিস্থিতিত হস্তক্ষেপ কৰে৷ মুখ্যমন্ত্রী ধামীৰ সৈতে টেলিফোনত বার্তালাপ কৰে৷ সাতিয়ে প্রকাশ কৰা মতে, প্রধানমন্ত্রীৰ হস্তক্ষেপৰ পাছতেহ ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সাৰ পায় আৰু যোশীমঠ পৰিদর্শন কৰিবলৈ আহে৷ এহ মুহূর্তত এন টি পি চিৰ তপোবন প্রকল্পকে ধৰি আন সকলো প্রকল্পৰ কাম এই মুহূর্তত বন্ধ থকাৰ অন্যতম কাৰণেহ হৈছে যোশীমঠ বাচাও সংঘর্ষ সমিতিৰ নিৰলস সংগ্রাম৷

উল্লেখ্য যে যোৱা বছৰ অক্টোবৰ–নৱেম্বৰৰ পৰাহে যোশীমঠ দ্রুতভাৱে তললৈ নামি যাবলৈ ধৰিছে৷ পিছে ছেটেলাহটৰ পৰা লব্ধ ছবিৰ আধাৰত বিজ্ঞানীসকলে শেহতীয়াকৈ প্রমাণ কৰিছে যে ২০১৮ চনৰ পৰাহ যোশীমঠ বছৰি কমেও ১০ চেণ্টিমিটাৰকৈ বহি গৈ আছে৷ গ্রীচৰ এৰিষ্টটল বিশ্ববিদ্যালয় আৰু ফ্রান্সৰ ফ্রেঞ্চ নেচনেল চেণ্টাৰ ফৰ ছায়েণ্টিফিক ৰিছার্চৰ যৌথ গৱেষণাত অলপতে এহ উদ্বেগজনক কথা পোহৰলৈ আহিছে৷ যোশীমঠ বাচাও সংঘর্ষ সমিতিৰ সমন্বয়কজনেহ এহ প্রতিবেদকৰ আগত আজি উক্ত গৱেষণাৰ প্রতিবেদনখন দাঙি ধৰিছে৷ সাতিৰ মতে, উত্তৰাখণ্ড চৰকাৰে যোশীমঠৰ সাধাৰণ লোকৰ ভৱিষ্যতক লৈ যোৱা দুবছৰ ধৰি উদাসীনতা দেখুৱাই আহিছে যদিও ভাৰতীয় সেনাবাহিনীয়ে কিন্তু যোশীমঠৰ দুৰৱস্থাৰ কথা উপলব্ধি কৰিব পাৰিছিল৷

উল্লেখ্য যে আকাশমার্গত মাত্র ২৫ কিলোমিটাৰ দূৰত্বত যোশীমঠৰ পৰা অৱস্থান কৰিছে ভাৰত–চীন সীমান্ত৷ সেয়েহে যোশীমঠত আছে এটা সুবিশাল সেনা কেম্প৷ যোশীমঠৰ দুৰৱস্থাৰ কথা চিন্তা কৰিহে ২০–২৫ দিন পূর্বৰে পৰা সেনাবাহিনীৰ বিষয়াসকলে তেওঁলোকৰ পৰিয়ালক যোশীমঠৰ পৰা স্থানান্তৰিত কৰাৰ কাম আৰম্ভ কৰিছিল৷ আৰু এতিয়া যোশীমঠত সেনাবাহিনীৰ কোনো এটা পৰিয়ালেও বাস কৰি থকা নাই বুলি সাতিয়ে দাবী কৰিছে৷ পাছত এহ প্রতিবেদকে সেনাবাহিনীৰ একাংশ বিষয়াৰ সৈতে কথা পাতি সাতিয়ে কৰা দাবী সত্য বুলি জানিব পাৰে৷ বাস্তৱত যোশীমঠত নাই এতিয়া সেনাবাহিনীৰ কোনো পৰিয়াল৷ আনকি যোশীমঠৰ আজিৰ এহ দুৰৱস্থাৰ বাবে ‘খলনায়ক’ হিচাপে যাক জগৰীয়া কৰা হৈছে, সেহ এন টি পি চিৰ বিষয়া–কর্মচাৰীসক পৰিয়াল লাহে লাহে যোশীমঠ পৰিত্যাগ কৰিবলৈ আৰম্ভ কৰিছে৷

লক্ষণীয়ভাৱে ভংগুৰ ভৌগোলিক অৱস্থানৰ বাবেহ এন টি পি চিয়ে বিষয়া–কর্মচাৰীসক বাবে নির্মাণ কৰা আৱাসসমূহ কংক্রিটৰ পৰিৱর্তে পিভিচি অর্থাৎ প্লাষ্টিকজাতীয় সামগ্রীৰে নির্মাণ কৰিছিল৷ সাতিয়ে প্রকাশ কৰা মতে, উক্ত পি ভি চি নির্মিত ঘৰতেও আজি ফাট ধৰিবলৈ আৰম্ভ কৰিছে৷ সঁচাকৈ এখন ভূতৰ চহৰৰ দিশে আগবাঢ়িছে যোশীমঠ৷ ‘আপুনি পৰৱর্তী সময়ত যোশীমঠলৈ কেতিয়া আহিব? মহ জানো যেতিয়া আহিব, তেতিয়া আমি জীৱিত আছোঁনে সেয়াহ চাবলৈ আপুনি আহিব৷’ –অতুল সাতিৰ এয়াহ আছিল শেষ বক্তব্য৷

You might also like