নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঙত কৰম উৎসৱ উদযাপন

বিশেষ বার্তা, ২৬ ছেপ্টেম্বৰ : চৰকাৰে কালি কৰম পূজা উপলক্ষে বন্ধৰ দিন হিচাপে ঘোষণা কৰাত বিভিন্ন অঞ্চলৰ লগতে বৰগাঁও চাহ বাগিচা ৰাইজৰ উদ্যোগত কৰম পূজা ভাগ উদযাপন কৰা হয়।  বৰগাং নিউ কেটেলা খেলপথাৰত দিনৰ ২ বজাত কৰম দেৱতাক স্মৰণ কৰি কৰমতীসকলে পূজা-পাতলৰ নিয়মটো পালন কৰাৰ পিছত ফিতা কাটি আখৰা মুকলি কৰে অসম চাহ জনজাতি প্ৰগতিশীল মহিলা সমাজৰ নেত্ৰী তথা দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী থানেশ্বৰী কুর্মী গঞ্জুৱে। অনুষ্ঠানত শ্ৰমিক নেতা বিবেক দাস, নৰোত্তম চুণ্ডী, বৰগাঁও চাহ বাগিচাৰ পৰিচালক প্ৰাদুৰ্য্য কোচ, অমিতাভ বৰুৱা, বেলাউৰ হুছেইন  প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু সকলোৰে উপস্থিতিত অঞ্চলটোৰ কেইবাটাও কৰম দলে কৰম নৃত্য পৰিৱেশন কৰি সন্ধিয়া ৬ বজালৈ পৰিৱেশ জীপাল কৰি ৰাখে। অনুষ্ঠান পৰিচালনা কৰে শ্ৰমিক নেতা লক্ষী কান্ত কুর্মীয়ে আৰু কুর্মীক সহায় কৰে শিক্ষক কৰণ ভূঞাই।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like