নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কাৰ্গিল বিজয় দিৱস; দীঘলীপুখুৰীৰ ৱাৰ মেম’ৰিয়েলত কাৰ্গিলৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ আজি কাৰ্গিল বিজয় দিৱস। আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত জয়ী হৈছিল ভাৰত।

আজি নতুন দিল্লীত কেন্দ্ৰীয় ভাৱে পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস। ইপিনে দেশৰ বিভিন্ন স্থানৰ লগতে দীঘলীপুখুৰী পাৰৰ ৱাৰ মেমৰিয়েলত কাৰ্গিল দিৱস পালন কৰা হৈছে। এই অনুষ্ঠানত বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আজি দিনটো ভাৰতীয় সেনাৰ বাবে সাহস আৰু গৌৰৱৰ প্ৰতীক। আদিৰ দিনটোতে ভাৰতীয় সেনাই কাৰ্গিলত পাকিস্তানক পৰাজিত কৰিছিল। মই আজিৰ দিনটোত শ্বহীদ স্মাৰকত আহি নিজকে সৌভাগ্য অনুভৱ কৰিছো। কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া জিণ্টু গগৈৰ পিতৃ-মাতৃকো লগ পোৱাৰ সৌভাগ্য হ’ল। মই পুনৰবাৰ কাৰ্গিল যুদ্ধত প্ৰাণ আহূতি দিয়া দেশৰ সকলো জোৱানসকলক অসমবাসীৰ হৈ শ্ৰদ্ধা জনাইছো।”

উল্লেখ্য যে ১৯৯৯ চনৰ মে মাহৰ পৰা জুলাই মাহৰ ভিতৰত কাশ্মীৰৰ কাৰ্গিল জিলাত আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LOC) মাজত ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল। যুদ্ধৰ সময়ত, ভাৰতীয় সেনাই পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰে আৰু অপাৰেচন বিজয়ৰ অংশ হিচাপে টাইগাৰ হিল আৰু অন্যান্য পোষ্টসমূহ পুনৰ দখল কৰাত সফল হয়। ভাৰতীয় সৈন্যসকলে তিনি মাহৰ সংঘৰ্ষৰ পিছত এই বিজয় সুৰক্ষিত কৰিছিল যদিও ভাৰতীয় সেনাৰ প্ৰায় ৪৯০ জন বিষয়া, সৈনিক আৰু জোৱানক হেৰুৱাব লগা হৈছিল। যুদ্ধত ভাৰতৰ জয়ক স্মৰণ কৰাৰ বাবে, কাৰ্গিল বিজয় দিৱস হিচাপে প্ৰতি বছৰে ২৬ জুলাইৰ দিনটো উদযাপন কৰা হয়।

You might also like