নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুন্দ্রাৰ কার্যালয়ত উদ্ধাৰ ৰহস্যজনক কাপব’ৰ্ড

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ অশ্লীল ছবি নির্মাণ কৰি বিভিন্ন এপৰ জৰিয়তে মুকলি কৰি দিয়াৰ গোচৰত দোষী সাব্যস্ত হোৱা বলীউডৰ অভিনেত্রী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্রাৰ কার্যালয়ত উদ্ধাৰ হৈছে গোপন এক কাপব’ৰ্ড৷ ৰহস্যজনক এই কাপব’ৰ্ডক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই৷

লক্ষণীয়ভাৱে ৰাজ কুন্দ্রাক অশ্লীল ছবি নির্মাণৰ ক্ষেত্রত অবৈধ ধনৰ লেনদেন হোৱা বিষয়টোক লৈ ইতিমধ্যে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)য়ে তদন্ত চলোৱাৰ সিদ্ধান্ত লৈছে৷ ইফালে, অশ্লীল ছবি নির্মাণৰ এই গোচৰত ৰাজ কুন্দ্রাৰ বিৰুদ্ধে তেওঁৰেই চাৰিগৰাকী কর্মী থিয় দিছে৷ এই চাৰিগৰাকী কর্মীয়ে কুন্দ্রাৰ গোচৰটোত সাক্ষ্যদান কৰিব বুলি ঘোষণা কৰিছে৷

You might also like