নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ লাখত বিক্ৰীৰ বাবে আনিছিল কেঁকো সাপ, ছয়গাঁও আৰক্ষীয়ে ভৰালে জে’লত

নিয়মীয়া বাৰ্তা,  ১৯ অক্টোবৰঃ ছয়গাঁও আৰক্ষীয়ে আজি বিয়লি গৰৈমাৰীৰ সমীপৰ শিঙিমাৰী হাবীত এডাল কেঁকো সাপসহ দুজন লোকক আটক কৰে ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত লোক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা এডাল মূল্যৱান কেঁকো সাপ উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শিঙিমাৰীৰ হাবিৰ জোৰান আলী আৰু জামাত আলী নামৰ লোক দুজনে AS 01 AV 0168 নম্বৰৰ মটৰ চাইকেলখনেৰে এডাল কেঁকো সাপ বিক্ৰীৰ বাবে লৈ যোৱাৰ বিষয়ে খবৰ লাভ কৰে ৷ লগে লগে ছয়গাঁও থানাৰ আৰক্ষীৰ দলটো লোক দুজনৰ সন্ধানত অভিযান চলোৱাৰ সময়ত দুয়োজনে গৰৈমাৰী ছয়গাঁও পথেৰে গৈ থকা সময়তেই ওচৰৰে পুখুৰীপাৰত আটক কৰে।

জানিব পৰা মতে লোক দুজনে ওচৰৰ পাহাৰৰ পৰা ধৰি অনা মূল্যৱান কেঁকো সাপডাল তিনি লক্ষ টকাত বিক্ৰী কৰিবলৈ যোৱাৰ পথত দুয়োজনকে আৰক্ষীয়ে আটক কৰে ৷ আনহাতে জামাত আলী নামৰ লোকজনৰ পৰা তীৰ খেলৰ কিছু সা-সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰে ৷ কেঁকো সাপডাল আৰক্ষীয়ে বন বিভাগক চমজাই দিয়াৰ বিপৰীতে ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে ৷

You might also like