ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক ভাল খবৰ। পৰ্যটকৰ আগমনে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ২০২৫-২৬ পৰ্যটন বৰ্ষত বৃ্দ্ধি পালে ৬১৫৪৩গৰাকী পৰ্যটক। যি এক নতুন অভিলেখ।
দেশ-বিদেশৰ পৰ্যটকৰ মাজত এতিয়া চৰ্চা কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল ভ্ৰমণৰ কথা। জীৱনত এবাৰ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাটো কিছু পৰ্যটকৰ সপোন হৈ পৰিছে। ফলত বছৰে বছৰে কাজিৰঙালৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পাব ধৰিছে। যাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২০২৫-২৬ পৰ্যটন বৰ্ষত দেশ-বিদেশৰ পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ অৰুন ভিগ্নেশে নিয়মীয়া বাৰ্তাক জানিবলৈ দিয়া মতে এই সময়ছোৱাত প্ৰায় ৪.৫ শতাংশ পৰ্যটক বিদেশৰ পৰা অহা বুলি তথ্য প্ৰকাশ পাইছে। উল্লেখ্য বিগত ২০২৪-২৫ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশ-বিদেশৰ মুঠ ৪,০৬৫৬৪ জন পৰ্যটকৰ আগমন ঘটিছিল যদিও এইবাৰ অৰ্থাৎ ২০২৫-২৬ পৰ্যটন বৰ্ষত বৃদ্ধি পালে ৪,৬৮,১৪৭জনলৈ।
বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে ২৫-২৬ পৰ্যটন বৰ্ষত ৪,৩৭,৬৭৩ জন দেশীয় আৰু ৩০,৪৭৪জন বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। এটা গুৰুত্বপূৰ্ণ কথা যে বিগত পৰ্যটন বৰ্ষৰ তুলনাত এইবাৰ ৪৮,৮০২জন দেশী আৰু ১২,৭৮১জন বিদেশী পৰ্যটকৰ লগতে মুঠ ৬১,৫৮৩জন পৰ্যটক কাজিৰঙাত বৃদ্ধি পাইছে।
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া মতে প্ৰকৃতিৰ মনোৰম দৃশ্য, সমৃদ্ধ জৈৱ বৈচিত্ৰ্য আৰু বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাবে খ্যাতি অৰ্জন কৰা কাজিৰঙাই বন্যপ্ৰেমীৰ মাজত এক অগ্ৰণী পৰ্যটন গন্তব্য হিচাপে আত্মপ্ৰকাশ কৰিছে।
যোৱা তিনিটা বছৰত কাজিৰঙাই বহু গণ্যমান্য অতিথিক আদৰণি জনোৱাৰ সৌভাগ্য লাভ কৰিছে। জিগমে খেসাৰ নামগ্যাল ৱাংচুকৰ ঐতিহাসিক ভ্ৰমণে এই স্থানৰ গুৰুত্ব অধিক উজ্জ্বল কৰি তুলিছে। তাৰ উপৰি দেশৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি আদিৰ উপস্থিতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি বৃদ্ধি কৰিছে।
ইয়াৰ উপৰি বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত এডভান্টেজ আচাম ২.০ কাৰ্যসূচীৰ অংশ হিচাপে ৬০ খন দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে উদ্যানখন ভ্ৰমণ কৰি গুৰুত্ব বৃদ্ধি কৰে। ইফালে মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মোহন যাদৱেও পৰিয়ালসহ কাজিৰঙা ভ্ৰমণ কৰে।
ইয়াৰ উপৰি থিয়েৰী মাথৌয়ে নিজৰ পৰিয়াল আৰু প্ৰতিনিধি দলৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰে, যাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্যানখনৰ জনপ্ৰিয়তা প্ৰতিফলিত হৈছে। অন্যহাতে নিউ ইয়ৰ্ক টাইমচৰ তালিকাতো অসম আৰু কাজিৰঙাক বিশ্বৰ অন্যতম ভ্ৰমণ কৰিবলগীয়া স্থান” হিচাপে উল্লেখ কৰা হৈছে।
এইদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বিশ্ব পৰ্যটনৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। শেহতীয়া সময়ত কাজিৰঙাত পৰ্যটনত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। বিশেষকৈ বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰী অঞ্চলত আৰম্ভ কৰা বাৰ্ড ছাফাৰী আদি অভিনৱ উদ্যোগে দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
কহঁৰা, পানপুৰত জীপ ছাফাৰী, আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমন্ডলৰ অধী নৌকা আৰু চাইকেল চলোৱাৰ দৰে ব্যৱস্থাই পৰ্যটনক অধিক বৈচিত্ৰ্যময় কৰি তুলিছে। এই সকলো উদ্যোগৰ মূল উদ্দেশ্য আছিল স্থানীয় সংস্কৃতি আৰু ঐতিহ্যক আগবঢ়োৱা।
ইয়াৰ ফলত কাজিৰঙা এতিয়া এখন “এক-ভ্ৰমণ গন্তব্যস্থল” হিচাপে পৰিণত হৈছে, যিয়ে স্থানীয় লোকসকল আৰু পৰ্যটক উভয়ৰে মন জয় কৰিবলৈ সক্ষম হৈছে।কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ’চাইটীয়ে চলোৱা ইকো-দোকানসমূহে কাজিৰঙা-সম্পৰ্কীয় স্মাৰক সামগ্ৰী আৰু স্থানীয় সমাজৰ উৎপাদিত বস্তুসমূহ প্ৰদৰ্শন কৰি পৰ্যটকসকলৰ বাবে অভিলেখ সৃষ্টি কৰিছে।
ইয়াৰ উপৰিও, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জৰিয়তে চিলিমখোলা গাঁও অঞ্চলত হেমটাপ, পাহাৰত ট্ৰেকিংৰ দৰে নতুন কাৰ্যসূচী সংযোজন কৰা হৈছে, যিয়ে বহু পৰ্যটক আকৰ্ষণ কৰিছে। এই পৰ্যটন বৃদ্ধিৰ ফলত স্থানীয় ব্যৱসায়সমূহেও লাভান্বিত হৈছে। হোটেল, ৰেষ্টুৰেণ্ট আৰু দোকানসমূহে আয় বৃদ্ধি হোৱা বুলি জনাইছে।
এই সফলতাই চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ মাজত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। সঞ্চালকে আৰু জানিবলৈ দিয়া মতে উপযুক্ত তথ্যৰ ভিত্তিত ক’ব পাৰি যে যোৱা ১০ বছৰত মুঠ পৰ্যটকৰ সংখ্যাই উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু বিদেশী পৰ্যটকৰ সংখ্যাও প্ৰায় দুগুণকৈ বৃদ্ধি পাই চাৰি গুণলৈ উন্নীত হৈছে।
বৰ্তমান বিদেশী পৰ্যটকৰ অংশীদাৰিত্ব মুঠ পৰ্যটকৰ প্ৰায় ৪.৫ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এক উল্লেখযোগ্য পৰিৱৰ্তন। এই পৰ্যটক বৃদ্ধিৰ ধাৰা চলিত বৰ্ষৰ এপ্ৰিল মাহতো অব্যাহত থাকে। এই মাহত মুঠ ৪৯,৩২২ জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল দৰ্শন কৰে । ইয়াৰ ভিতৰত ২,১১৬ জন বিদেশী পৰ্যটক আছিল।
ইফালে কাজিৰঙা পৰ্যটন ব্যৱসায়ী কল্যাণ ছছাইটিৰ সভাপতি তুলসী বৰদলৈয়ে এই অভিলেখৰ তথা কৃতিত্বৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জনাইছে।
নিয়মীয়া বাৰ্তা, কাজিৰঙা, ৬ মে’