নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ অকাল বিয়োগ

বজালীৰ এগৰাকী উদীয়মান যুৱ সাংবাদিক বুবু কলিতাৰ দীৰ্ঘদিন যকৃতৰ ৰোগত ভুগি থকাৰ অন্তত আজি পুঁৱতি নিশা বজালী জিলাৰ ভৱানীপুৰৰ পূৱহাটীস্থিত নিজ বাসগৃহত বিয়োগ ঘটে। প্ৰায় ২২ বছৰ বয়সত বিয়োগ ঘটা ভৱানীপুৰৰ প্ৰসন্ন কলিতা আৰু নিৰ্মালী কলিতাৰ একমাত্ৰ সন্তান বুবু কলিতাই তেওঁৰ মনত থকা অদম্য হেঁপাহৰ বাবেই মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰে।

পৰৱৰ্তী সময়ত যুৱ সাংবাদিক গৰাকীয়ে আছাম টি ভি, ২৪ লাইভ, এন ই টক আদিকে ধৰি বিভিন্ন ডিজিটেল মাধ্যমৰ সৈতে নিজকে জড়িত কৰাই সংবাদ সেৱাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই আহিছিল।

উল্লেখ্য যে নিজৰ মোমায়েকৰ ঘৰতে থাকি সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত পঢ়া-শুনা কৰি অহা আৰু মহাবিদ্যালয়খনৰ পৰাই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱ সাংবাদিকগৰাকীয়ে দীৰ্ঘদিন যকৃতৰ ৰোগত ভুগি অহাত পৰিয়ালৰ লোকে তেওঁক বহিঃৰাজ্যৰ চিকিৎসালয়ত কেইবাবাৰো চিকিৎসা কৰোৱাৰ লগতে শেহতীয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়তো চিকিৎসাধীন হ’বলগীয়া হৈছিল যুৱ সাংবাদিক গৰাকী।

কিন্তু আজি নিজ ঘৰতে বিয়োগ ঘটে যুৱ সাংবাদিক গৰাকীৰ। অকালতে মৃত্যু বৰণ কৰা যুৱ সাংবাদিকগৰাকীৰ বিয়োগত ভৱানীপুৰৰ সংবাদ প্ৰতিষ্ঠান টেজছ লাইভ পৰিয়ালৰ লগতে ভৱানীপুৰ প্ৰেছ ক্লাৱ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন, পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা যুৱ সাংবাদিক সন্থা, বজালী জিলা ডিজিটেল মিডিয়া সন্থা, বজালী জিলা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

আজি দিনৰ ভাগত এক শোকাকুল পৰিৱেশত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

নিয়মীয়া বাৰ্তা, পাঠশালা, ৬ মে’

You might also like