নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কাজিৰঙা-ৰ অগৰাতলি বনাঞ্চল

বিশেষকৈ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চললৈ এইবছৰো অভিলেখসংখ্যক পৰ্যটকৰ আগমণ হ'ব বুলি আশা কৰিলে মন্ত্ৰী অতুল বৰাই

আজিৰে পৰা পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি হ’ল কাজিৰঙা অগৰাতলি বনাঞ্চল। দেশী-বিদেশী পৰ্যটকৰ লগতে অগৰাতলি বনাঞ্চল মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জাৰ্মানীৰ পৰ্যটক।

মন্ত্ৰী অতুল বৰাই ফিতা কাটি আনুষ্ঠানিক মুকলি কৰা পিছত দেশী বিদেশী পৰ্যটকৰ লগতে মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই জীপ চাফাৰীৰে পৰিভ্ৰমণ কৰে বনাঞ্চলৰ অন্তঃভাগত।

বিশেষকৈ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চললৈ এইবছৰো অভিলেখসংখ্যক পৰ্যটকৰ আগমণ হ’ব বুলি আশা কৰিলে মন্ত্ৰী অতুল বৰাই।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ অক্টোবৰ

You might also like