বিশ্বত শান্তি ঘূৰাই অনাৰ বাবে শুল্কই প্রধান আহিলা, ট্রাম্প-ৰ আজব দাবী
ৰাষ্ট্রপতিগৰাকীয়ে কয়– শুল্ক ব্যৱহাৰ নকৰা হ’লে বহু দেশত এতিয়াও যুদ্ধ চলি থাকিলহেঁতেন৷ পূর্বৰ দাবী আওৰাই ট্রাম্প লগতে কয়– শুল্কৰ বাবেই ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ হ’ল৷
বিশ্বত শান্তি ঘূৰাই অনাৰ বাবে শুল্কই প্রধান আহিলা বুলি দাবী কৰিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প-এ৷ শুল্কৰ বাবেই এতিয়ালৈকে ৭খন যুদ্ধৰ ভিতৰত ৪খন যুদ্ধ বন্ধ হোৱা বুলি দাবী কৰি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয়– শুল্ক ব্যৱহাৰ নকৰা হ’লে বহু দেশত এতিয়াও যুদ্ধ চলি থাকিলহেঁতেন৷ পূর্বৰ দাবী আওৰাই ট্রাম্প লগতে কয়– শুল্কৰ বাবেই ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ হ’ল৷
সোমবাৰে হোৱাইটহাউছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰাষ্ট্রপতি ট্রাম্পে কয়– মোৰ হাতত শুল্ক আৰু ক্ষমতা নথকা হ’লে ৭খন যুদ্ধ এতিয়াও চলি থাকিলহেঁতেন৷ ভাৰত–পাকিস্তানৰ যুদ্ধৰ কথা উল্লেখ কৰি ট্রাম্পে দাবী কৰে যে দুয়োখন দেশৰ মাজৰ পৰিস্থিতি অধিক অৱনতি ঘটিছিল৷ ৭খনকৈ যুদ্ধবিমান ভূপতিত কৰা হৈছিল৷
শুল্ক আৰোপ কৰাৰ ভাবুকিৰ বাবে দুয়োখন দেশে যুদ্ধবিৰতিত সন্মতি জনাইছিল৷ তেওঁ লগতে কয় যে শুল্কই আমেৰিকাক কেৱল আর্থিক সুবিধা প্রদান কৰাই নহয়, বিশ্বত শান্তি প্রতিষ্ঠা কৰাতো সহায় কৰিছে৷ আমি কোটি কোটি ডলাৰ উপার্জন কৰিছোঁ আৰু বিশ্বৰ শান্তিৰ বাবেও কাম কৰিবলৈ সক্ষম হৈছোঁ৷ উল্লেখ্য ভাৰত–পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিৰ কৃতিত্ব দাবী কৰা ট্রাম্পৰ এয়াই প্রথম নহয়৷ যুদ্ধ বিৰতিৰ দিনৰ পৰাই তেওঁ ইয়াৰ কৃতিত্ব দাবী কৰি আহিছে৷
ভাৰত চৰকাৰৰ লগতে প্রধানমন্ত্রী মোদীয়েও দ্বিপাক্ষিক আলোচনাৰ মর্মেহে যুদ্ধবিৰতি হোৱা বুলি সদৰী কৰি আহিছে৷ দুয়োখন দেশৰ যুদ্ধবিৰতিত তৃতীয় পক্ষই মধ্যস্থতা কৰা নাই বুলি মোদীয়ে পোনপটীয়াকৈ ফোনযোগে ট্রাম্পৰ সৈতে হোৱা বার্তালাপত স্পষ্ট কৰি দিছে৷ ভাৰত চৰকাৰে ট্রাম্পৰ দাবীক বাৰে বাৰে খাৰিজ কৰি আহিছে৷ তৎসত্ত্বেও মিথ্যাচাৰৰ আশ্রয় লৈ ট্রাম্পে কৃতিত্ব লোৱাৰ কৌশলে সকলোকে ভবাই তুলিছে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ