নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মামা শুদ্ধ উত্তৰ প্রদানেৰে প্রতিযোগী তুষাৰে জিকিলে ১০ হাজাৰ টকা

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ দেশৰ টেলিভিছন জগতৰ সবাতোকৈ জনপ্রিয় কুইজ অনুষ্ঠান ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত চর্চালৈ আহিল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নাম৷ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত অসমৰ জনপ্রিয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লৈ সোধা প্রশ্ণই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ অনুষ্ঠানটোৰ আঁত ধৰোঁতা অমিতাভ বচ্চনে প্রতিযোগী এজনক প্রশ্ণ সোধে– অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনত কি নামেৰে সম্বোধন কৰা হয়৷ প্রশ্ণটোৰ উত্তৰ হিচাপে (ক) চাচা, (খ) মামা, (গ) কাকা আৰু (ঘ) টাও হিচাপে উল্লেখ কৰি ইয়াৰে কোনটো শুদ্ধ উত্তৰ বুলি বিগ বিয়ে সমুখত বহি থকা প্রতিযোগী তুষাৰ ভৰদ্বাজক সোধে৷ প্রশ্ণটোৰ উত্তৰ চাৰিটাৰ ভিতৰত ততালিকে তুষাৰ ভৰদ্বাজে (খ) মামা বুলি উত্তৰ দিয়ে৷ বিগ বিয়ে মিচিকিয়াই প্রতিযোগীজনক কম্পিউটাৰ লক কৰিম নে বুলি সোধাৰ লগে লগে প্রতিযোগীজনে লক কৰিব দিয়ে আৰু প্রশ্ণটোৰ উত্তৰ (খ) মামা শুদ্ধ বুলি কম্পিউটাৰে নিশ্চিত কৰে৷

ইয়াৰ লগে লগে প্রতিযোগীজনৰ মুখত হাঁহি বিৰিঙে৷ আঁত ধৰোঁতা বিগ বিয়েও মিচিকিয়াই হাঁহি অভিনন্দন জনায় ভৰদ্বাজক৷ প্রতিযোগীজনে শুদ্ধ উত্তৰৰ বাবে লাভ কৰে ১০ হাজাৰ টকা৷ উল্লেখ্য যে প্রতিযোগী তুষাৰ ভৰদ্বাজ অসমৰ তেজপুৰৰ৷ তাৎপর্যপূর্ণ যে ছ’নী টিভিৰ জনপ্রিয় গেম শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ যুৱচামে ‘মামা’ বুলি সম্বোধন কৰা বিষয়টো প্রশ্ণ হিচাপে উত্থাপন হোৱাত মুখ্যমন্ত্রী ড০ শর্মাৰ ৰাষ্ট্রীয় পর্যায়ত জনপ্রিয়তা আৰু অধিক বৃদ্ধি পায়৷

দেশৰ অন্যতম জনপ্রিয় ৰাজনীতিক তথা দেশৰ ৰাজ্যসমূহৰ শীর্ষ ১০ জনপ্রিয় মুখ্যমন্ত্রীৰ ষষ্ঠ নম্বৰ স্থানত থকা ড০ হিমন্ত বিশ্ব শর্মাক অসমৰ যুৱচামে মামা বুলি সম্বোধন কৰা চর্চিত নামটো ৰাষ্ট্রীয় প্রেক্ষাপটত উজলি উঠে৷ দেশজুৰি ব্যাপক চর্চিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাৰ ৰাজ্যত জনপ্রিয় সম্বোধন মামা এতিয়া ছ’চিয়েল মিডিয়াত আলোড়ন৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত যুৱ চামৰ মাজত মামা হিচাপে জনপ্রিয় হৈ উঠিছিল ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মা৷ উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা ছাত্রীক স্কুটী প্রদান কৰাৰ পিছত ছাত্রক বুলেট দিয়াৰ প্রসংগ উচ্চাৰিত হৈছিল আৰু এই সময়ছোৱাতে ছাত্রসকলে বিশেষকৈ গাঁৱে গাঁৱে যুৱকসকলে নির্বাচনৰ প্রচাৰ সভাৰ লগতে আন অনুষ্ঠানত ড০ শর্মাক মামা বুলি সম্বোধন কৰিছিল৷ উনুকিয়াওঁ যে বিধানসভা নির্বাচনত ড০ শর্মাক লৈ ৰচিত গীত এটিতো মামা সম্বোধন ব্যাপক জনপ্রিয় হৈছিল৷ এই বিষয়টোকে ৰাষ্ট্রীয় টেলিভিছন শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত প্রশ্ণ হিচাপে সন্নিৱিষ্ট হোৱাত অসমবাসীও নিশ্চয়কৈ গৌৰৱান্বিত হৈছে৷

You might also like