নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিডনী ছিণ্ডিকেটৰ ২ অভিযুক্তৰ জামিন নাকচ

অগ্রিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালৰ দ্বাৰস্থ হৈছিল মূল অভিযুক্ত প্লাৱন বৰঠাকুৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ কিডনী ছিণ্ডিকেটৰ অন্যতম অভিযুক্ত নিতু দাস আৰু প্লাৱন বৰঠাকুৰৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ইয়াৰে প্লাৱন বৰঠাকুৰে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

জাগীৰোড আৰক্ষী থানাৰ ৪৩২/২০২১ নম্বৰৰ গোচৰত গ্রেপ্তাৰ কৰা নিতু দাসৰ জামিন আদালতে নাকচ কৰিছে৷ চৰকাৰী পক্ষৰ হৈ লোক অধিবক্তা মাখন ফুকনে যুক্তি প্রদর্শন কৰি নিতু দাসৰ জামিন আবেদনৰ তীব্র বিৰোধিতা কৰে৷ তেওঁ এইবুলি যুক্তি প্রদর্শন কৰে যে এয়া এক অত্যন্ত গুৰুতৰ দোষ, যিয়ে সমাজৰ দৰিদ্র লোকসকলৰ ওপৰত প্রভাৱ পেলাইছে৷ তদুপৰি এয়া সংগঠিতভাৱে গঢ়ি উঠা এক ৰেকেট বুলিও যুক্তি প্রদর্শন কৰে লোক অধিবক্তা ফুকনে৷

তদুপৰি আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি বিভিন্ন গ্রাহক আৰু কিডনী দাতাৰ মাজত এক নেক্সাছৰ জৰিয়তে দুখীয়া লোকসকলক কিডনী বিক্রী কৰিবলৈ এই চক্রটোৱে বাধ্য কৰাইছিল বুলি প্রকাশ পাইছে৷ এই গোচৰটোত জড়িত থকা আন অভিযুক্তৰ বিৰুদ্ধে তদন্ত অব্যাহত থকা বুলি আদালতত চৰকাৰী পক্ষই প্রকাশ কৰে৷ এনে বিভিন্ন কাৰণ চালি–জাৰি চাই আদালতে নিতু দাসৰ জামিন আবেদন নাকচ কৰে৷

লক্ষণীয় যে মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ দৰিদ্র লোকসকলক কলকাতাত গৈ কিডনী বিক্রী কৰিবলৈ এই দালাল চক্রটোৱে বাধ্য কৰোৱা ঘটনা পোহৰলৈ অহাৰ পিছত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ এই সন্দর্ভত আৰক্ষীয়ে তদন্ত কৰি কেইবাজনো লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷

You might also like