নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰী উঃ মাঃ বিদ্যালয়ৰ কৃতী শিক্ষক বৰেন্দ্ৰ কুমাৰ বৈশ্যক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৮ জুনঃ ওদালগুৰি জিলাৰ এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বৰেন্দ্ৰ কুমাৰ বৈশ্যক আজি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিদ্যালয়খনৰ সভাকক্ষত বিদ্যালয়খনৰ অধ্যক্ষ খগেন্দ্ৰ নাথ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী গোট, ছাত্ৰ একতা সভাই সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, জাপি, শৰাই, অংগবস্ত্ৰ, কিতাপৰ টোপোলা ইত্যাদিৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে কৃতী শিক্ষকগৰাকীক । কৰ্ম জীৱনত সদায়ে নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি যোৱা কৃতী শিক্ষকগৰাকীৰ বিদায় পৰ্বত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষসকল, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু প্ৰাক্তন বিদ্যাৰ্থীসকলৰ লগতে খৈৰাবাৰী প্ৰেছ ক্লাব, খৈৰাবাৰী জাতীয় বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিবিশেষে উপস্থিত থাকি ফুলাম গামোচা, কিতাপৰ টোপোলা ইত্যাদিৰে শিক্ষকগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰী কৃতী শিক্ষক বৰেন্দ্ৰ কুমাৰ বৈশ্যই কয় যে বিদ্যালয়খন মোৰ আপোন ঘৰখনৰ দৰে । শিক্ষকসকলে বিদ্যালয়খনক সদায় নিজৰ ঘৰখনৰ দৰে আপোন বুলি জ্ঞান কৰিব লাগে; একেদৰে ছাত্ৰ-ছাত্ৰীসকলকো নিজৰ সন্তানৰ দৰে ভাবিব লাগে । ২০০৩ চনৰ ছেপ্টেম্বৰত কৰ্ম জীৱন আৰম্ভ কৰি ২০২৩ চনৰ ৩১ জানুৱাৰীত কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰেন্দ্ৰ কুমাৰ বৈশ্যই ২০ বছৰীয়া কৰ্ম জীৱনৰ স্মৃতি ৰোমন্থন কৰি আজি বিদায় পৰত আৱেগিক হৈ পৰে । সঞ্চালকৰ আসনৰ পৰা বিদ্যালয়খনৰ অধ্যক্ষ খগেন্দ্ৰ নাথ বসুমতাৰীয়ে কয় যে বৰেন্দ্ৰ কুমাৰ বৈশ্য আছিল নিয়মানুৱৰ্তিতা মানি চলা এগৰাকী কৰ্তব্যপৰায়ণ অতি নিষ্ঠাৱান শিক্ষক । তেওঁ আছিল আমাৰ অভিভাৱকৰ দৰে । এটা বৃন্দগানৰে আৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ ভূপেন কুমাৰ নাথ, শিক্ষক ৰোহিত প্ৰধান, অনন্ত বড়ো, বিৰিঞ্চি শৰ্মা, সোণেশ্বৰ বড়ো, কন্দৰ্প শৰ্মা, হৰেন্দ্ৰ দৈমাৰী, কংকণ চহৰীয়া, ৰমলা ৰাজবংশী, বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ পবিত্ৰ প্ৰসাদ বৰুৱা, হেমন্ত কুমাৰ দাস, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক অতুল বৰুৱা, ফায়েজুদ্দিন আহমেদ, গণেশ কলিতা, বাস্পতি শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like