নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত ভাৰতক সমালোচনা কৰাটো অভ্যাস ৰাহুল গান্ধীৰ: এছ জয়শংকৰ

বিশেষ বাৰ্তা, ৮ জুনঃ আমেৰিকাত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল ৰিয়েৰ ভিউ মিৰ’ৰত চাই ভাৰতীয় গাড়ীখন চলাবলৈ চেষ্টা কৰিছে, যাৰ ফলত “এটাৰ পিছত এটাকৈ দুৰ্ঘটনা” সংঘটিত হ’ব। এই সম্পৰ্কত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে ৰাহুল গান্ধীক সমালোচনা কৰি কয়- তেওঁৰ বিদেশত ভাৰতক সমালোচনা কৰাৰ অভ্যাস আছে। ভাৰতৰ আভ্যন্তৰীণ বিষয়সমূহ বহিঃজগতলৈ লৈ যোৱাটো দেশৰ স্বাৰ্থত নহয়। শেহতীয়াকৈ আমেৰিকাত অনুষ্ঠিত এক অনুষ্ঠানত গান্ধীয়ে কৰা মন্তব্যৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- “বিশ্বই আমাক চাই আছে”। এটা প্ৰশ্নৰ উত্তৰত জয়শংকৰে কয় যে বিদেশত ভাৰতক সমালোচনা কৰাৰ অভ্যাস আছে ৰাহুল গান্ধীৰ। জাতীয় ৰাজনীতি দেশৰ বাহিৰলৈ নিয়াটো উচিত নহয় বুলি জয়শংকৰে কয়।

You might also like