নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দী চিনেমাৰ দৰেই অপহৰণৰ নাটক ৰচি পিতৃৰ পৰা পুত্রই বিচাৰিলে ৫০ লাখ মুক্তিপণ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: এক শ্বাসৰুদ্ধকৰ অপহৰণ কাণ্ডই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৰহাটত৷ যোৰহাট ৰে’ল ষ্টেচনৰ সমীপৰ বাঁহবাৰী অঞ্চলৰ ঠিকাদাৰ ৰাজেশ প্রসাদৰ পুত্র অমৰজিৎ প্রসাদক বুধবাৰে সন্ধিয়া অচিনাক্ত অপহৰণকাৰীয়ে অপহৰণ কৰি নিয়ে৷ উল্লেখ্য যে বুধবাৰে সন্ধিয়া প্রায় ৫ বজাত অমৰজিতে নিজৰ মটৰচাইকেলেৰে ঘৰৰ পৰা ওলাই গৈছিল৷ ঠিক দুঘণ্টা পাছতে নিশা প্রায় ৭ বজাত অমৰজিতৰ পিতৃ ৰাজেন্দ্র প্রসাদলৈ পুত্রৰ ম’বাইলৰ পৰা এজন অচিনাকি লোকে ফোন কৰি প্রসাদৰ পুত্রক অপহৰণ কৰা হৈছে বুলি অৱগত কৰি ৫০ লাখ টকা মুক্তিপণ হিচাপে বিচাৰে৷ পুত্রৰ এনে বিপদ বার্তা পোৱাৰ পাছতেই ৰাজেন্দ্র প্রসাদে যোৰহাট সদৰ থানালৈ গৈ এখন এজাহাৰ দাখিল কৰে৷

পাছত নিশা পুনৰ অপহৰণকাৰীয়ে ৫০ লাখ দিব নোৱাৰিলেও ২০ লাখ টকা দি হ’লেও পুত্রক মোকলাই নিবলৈ ৰাজেন্দ্র প্রসাদক ফোন কৰি কয়৷ কিন্তু ৰাজেন্দ্র প্রসাদে ইমান টকা দিব নোৱাৰোঁ বুলি কোৱাৰ পাছত অপহৰণকাৰীয়ে পিছদিনাখন আগবেলাৰ ভিতৰত ৫ লাখ টকা লৈ কেন্দুগুৰি বাইপাছৰ ওচৰলৈ আহিবলৈ ৰাজেন্দ্র প্রসাদক নির্দেশ দিয়ে৷ লগে লগেই বুধবাৰে নিশাই ৰাজেন্দ্র প্রসাদে আৰক্ষীক এই বিষয়ে অৱগত কৰে৷

সেইমর্মে আৰক্ষীয়ে বেহু ৰচনা কৰি বৃহস্পতিবাৰে কেন্দুগুৰি বাইপাছৰ কাষতেই আত্মগোপন কৰি দাবী কৰা ধন নিবলৈ অহা অৱস্থাত প্রথমেই ৰমেশ চান্দ নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰে৷ তাৰ পাছতেই ধৃত চান্দক মাৰাথন জেৰা চলাই সকলো ৰহস্য উদ্ধাৰ কৰে৷ ধৃত চান্দৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ‘চেনিজান’ নামৰ ৰিজ’টখনৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত অমৰজিৎ প্রসাদক গ্রেপ্তাৰ কৰে৷

তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে সম্পূর্ণ পৰিকল্পিতভাৱে পিতৃৰ পৰা ধন হস্তগত কৰিবলৈ এই নাটক ৰচনা কৰিছিল অমৰজিৎ প্রসাদে৷ অপহৰণৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতেই যোৰহাট টাউন ৰে’ল ষ্টেচনত অমৰজিতৰ মটৰচাইকেলখন উদ্ধাৰ হোৱাৰ পাছতেই এই নাটকৰ উমান পোৱাৰ দাবী কৰিছে আৰক্ষীয়ে৷ এই নাটকত অমৰজিতৰ লগতে আন কেইবাজনো জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে বর্তমানেও তদন্ত অব্যাহত ৰাখিছে৷

You might also like