নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুশতলি সমবায় সমিতিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ১৪ গৰাকীকৈ সদস্য

নিয়মীয়া বাৰ্তা, ২৭ মেঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ ১৫ গৰাকী সদস্যৰ ভিতৰত ১৪ গৰাকী সদস্য সদস্যা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে নিৰ্বাচনী বিষয়াই। উল্লেখযোগ্য যে সমবায় সমিতিখনৰ আগন্তুক ৫ বছৰীয়া কাৰ্যকালৰ বাবে গঠন হ’ব লগীয়া সঞ্চালক মণ্ডলীৰ মুঠ ১৫ জনীয়া সদস্য সদস্যা বাছনিৰ বাবে আজি সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল।ইয়াৰ বাবে অৱশ্যে ১৬ মে’ ত সমবায় সমিতিখনৰ কাৰ্যালয়ত সদস্য প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দিতাৰ বাবে বিভাগীয় নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিছিল। উল্লেখযোগ্য যে সমবায় সমিতিখনৰ সঞ্চালক মণ্ডলীৰ মুঠ ১৫ জনীয়া সদস্য পদৰ বিপৰীতে ১৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ইয়াৰে এজনৰ মনোনয়ন পত্ৰ নাকচ হয়। আন ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হয়। ইফালে সমবায় সমিতিখনৰ আগন্তুক ৫ বছৰীয়া কাৰ্যকালৰ বাবে সঞ্চালক মণ্ডলী গঠনৰ উদ্দেশ্যে আজি ২০২৩-২৪ বৰ্ষৰ অন্তিমখন সাধাৰণ সভা অনুষ্ঠিত হয়।সমবায় সমিতি খনৰ সভাপতি দুল্লভ নাথৰ সভাপতিত্বত কুশতলি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত সাধাৰণ সভাখনত সঞ্চালক মণ্ডলীৰ সদস্য সকল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি নিৰ্বাচনী বিষয়া দিলীপ মুছাহাৰীয়ে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।ইয়াৰ পিছতে বিগত কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে সমবায় সমিতি খনৰ সম্পাদক হেমেন বৰদলৈয়ে আৰু হিচাপ দাখিল কৰে হিচাপ নিৰীক্ষক প্ৰফুল্ল বৰদলৈয়ে। সভাত উপস্থিত থকা কেইবাগৰাকীও অংশীদাৰীয়ে সম্পাদকীয় প্ৰতিবেদন আৰু হিচাপ দাখিলৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে।আনহাতে এই সভাতে সমবায় সমিতি খনে আগন্তুক কাৰ্যকালৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।লগতে সভাত উপস্থিত থকা বিভাগীয় নিৰ্বাচনী বিষয়া গৰাকীয়ে ভাৰতীয় সমবায় সংঘৰ নিয়মানুসৰি আগন্তুকত সমবায় সমিতি সমূহৰ অংশীদাৰ সকলে ৫ শ টকীয়া অংশীদাৰী সদস্য পদ গ্ৰহণ কৰিলেহে তেওঁলোকে সমবায় সমিতিৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি কয়।একেদৰে সভাখনত বিভাগীয় ভাৱে পৰ্যবেক্ষক ৰূপে উপস্থিত থকা ৰুণুমী ৰংচনেও সমবায় সমিতি উন্নয়নৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে।উল্লেখযোগ্য যে সঞ্চালক মণ্ডলীৰ মুঠ ১৫ গৰাকী সদস্য সদস্যাৰ বিপৰীতে ১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় আটাইকেইগৰাকী প্ৰাৰ্থী।নিৰ্বাচনী বিষয়া দিলীপ মুছাহাৰীয়ে আজি সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা তথা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা সঞ্চালক মণ্ডলীৰ সদস্য সদস্যা সকল হৈছে সমবায় সমিতি খনৰ বৰ্তমানৰ সভাপতি দুল্লভ নাথ ,সুভাষ বৰদলৈ, দিপেন পাতৰ,ৰুকিয়া খাতুন, সুনীল ফুকন,লক্ষণ শইকীয়া, মনোজ পাতৰ,নাজিমউদ্দিন,নুৰুল ইছলাম, নন্দেশ্বৰ বৰদলৈ, ৰাজু মহেলা,সুণ্টিৰাণী ডেকাৰজা,মৈজদ আলী আৰু মজিদা খাতুন।সভাত কুশতলি গাঁও পঞ্চায়তৰ আৰু লাউভূৰুঙ্গা গাঁও পঞ্চায়তৰ সভাপতি ক্ৰমে ৰাজেন সেনাপতি আৰু ৰাজু পাতৰ,স্থানীয় গাঁওপ্ৰধান দিপাংকৰ বৰদলৈ উপস্থিত থাকে। স্মৰ্তব্য যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত সদস্য সদস্যা সকলে তেওঁলোকৰ মাজৰ পৰাই এগৰাকী সভাপতি আৰু উপ সভাপতি বাচনি কৰি সমবায় সমিতি খনৰ আগন্তুক ৫ বছৰীয়া কাৰ্যকালৰ সঞ্চালক মণ্ডলী গঠন কৰিব বুলি সমবায় সমিতি খনৰ সম্পাদক হেমেন বৰদলৈয়ে আজি সংবাদ মাধ্যমক জনায়।

প্ৰেৰক আবুল কালাম

You might also like