নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশী-বিদেশী চিত্ৰশিল্পীৰে জীপাল নগাঁৱৰ কলেজ অৱ এডুকেচনৰ বাকৰি

বিশেষ বাৰ্তা, ২৭ মেঃ নগাঁৱৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কলেজ অব্ এডুকেচনত  দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় আন্তৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনী আৰু কৰ্মশালাৰ এক মননশীল অনুষ্ঠান ৷ গুৱাহাটীৰ Round Surface progressive Artist groupৰ সহযোগত আৰু কলেজ অব্ এডুকেচনৰ ব্যৱস্থাপনাত আয়োজিত তথা বিশ্বজিৎ দাম আৰু মিথুন দাস পৰিচালিত কৰ্মশালাত ভাৰত,বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাৰ পৰা অহা ৩০জনকৈ বিশিষ্ট চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰাৰ লগতে বাংলাদেশৰ মুক্তি ভৌমিক, আব্দুল মমিন মিল্টন, নেপালৰ ভীম শোভা টামাং ,শৰ্মিলা দেৱী টামাং,সুজিতা চৌধুৰী,উদ্ধৱ গুৰুং,হৰিলাল উদাস,এন বি গুৰুং,কমল গুৰুং,জীৱন টামাং,উৰিষ্যাৰ মুক্তিপদ নন্দী,শ্ৰীলংকাৰ চামিনী ওৱাৰ চাৰিয়াকে ধৰি বহুকেইজন দেশী-বিদেশী শিল্পীয়ে আন্তঃৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত আংশগ্ৰহণ কৰি এক অনন্য আৰু দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰে ৷ কৰ্মশালাটিত নেপালৰ আই ডব্লিউ এছৰ অধ্যক্ষ তথা চিত্ৰশিল্পী এন বি গুৰুং আৰু সাধাৰণ সম্পাদক দিপেন্দ্ৰ মান বানেপাললিয়ে পানী ৰঙৰ ডেম’ প্ৰদৰ্শন কৰি উপস্থিত সকলো শিল্পকলা-ৰসিকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় ৷ বিশিষ্ট চিত্ৰশিল্পী মুনিন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই শুভ উদ্বোধন কৰা আন্তঃৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনী অনুষ্ঠানটিৰ আঁত ধৰে কলেজ অৱ এডুকেচনৰ সহকাৰী অধ্যাপিকা প্ৰতিমা বৰাই ৷
প্ৰেৰক  কনক হাজৰিকা

You might also like