নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত দিৱস : ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ দেশভক্তি সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ অইন অইন বছৰৰ দৰে আজিৰ লাচিত দিৱসৰ দিনটো সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ উদ্যোগত দেশভক্তি সমাৰোহ ৰূপে অনুষ্ঠিত হয়। ভাৰত মাতা পূজন আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণেৰে চহৰখনৰ ১১নং ৱাৰ্ডৰ ‘‘সীমান্ত ভৱন’’ত আয়োজিত সেই কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ সভাপতি দিৱস অধিকাৰীয়ে আঁত ধৰা সেই সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই। প্ৰতিথযশা গীতিকাৰ প্ৰয়াত নগেন বৰা ৰচিত তথা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ‘‘আকৌ যদি যাব লাগে শৰাইঘাটলৈ’’ – সেই কালজয়ী গীতৰ কলিৰে আৰম্ভ কৰি মহাবীৰ লাচিতৰ কৰ্মজীৱন আৰু সমসাময়িক আহোম বুৰঞ্জীৰ ওপৰত দিয়া ড৹ শৰ্মাইৰ এক মনোজ্ঞ ভাষণে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলা পোৱা যায়। আনহাতে সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ উপদেষ্টা উদয়ন চক্ৰৱৰ্তীয়ে দীৰ্ঘ বহু বছৰৰ পৰাই সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ উদ্যোগত ‘‘লাচিত দিৱস’’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈ অহা ‘‘দেশভক্তি সমাৰোহ’’ৰ তাৎপৰ্য্যপূৰ্ণ ব্যাখ্যা কৰে। ‘‘দেশভক্তি’’ শব্দটোৰ ব্যাখ্যাৰ ওপৰত আলোকপাত কৰি এক চমু বক্তব্য আগবঢ়ায় সংগঠনটোৰ ধুবুৰী নগৰৰ সভাপতি দিৱস অধিকাৰীয়ে। অন্তত সংগঠনটোৰ ধুবুৰী নগৰ কমিটিৰ সাধাৰণ সম্পাদক বিপুল প্ৰসাদৰ শলাগৰ শৰাইৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সংগঠনটোৰ আজিৰ ‘‘দেশভক্তি সমাৰোহ’’ কাৰ্য্যসূচীৰ সমাপ্তি ঘটে। আজিৰ এই কাৰ্য্যসূচীত কণকণ স্কুলীয়া ছাত্ৰ–ছাত্ৰী, স্থানীয় মান্যগন্য ব্যক্তিকে ধৰি সংগঠনটোৰ ধুবুৰী জিলাৰ আইন প্ৰমূখ অশোক পাল, ধুবুৰী নগৰ কমিটিৰ প্ৰভাৰী প্ৰণতি ৰায় সৰকাৰ প্ৰমুখ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like