নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যশস্বী অভিনেতা, পৰিচালক সতীশ কৌশিক আৰু নাই!

৬৬ বছৰত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: অভিনেতা সতীশ কৌশিক, নিজৰ অভিনয়ৰে সকলোৰে হৃদয় জয় কৰা অভিনেতাগৰাকীৰ আজি ৬৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। সতীশ কৌশিকৰ মৃত্যুৰ খবৰৰ পিছত সমগ্ৰ বলীউডতে শোকত ভাগি পৰিছে। জানিব পৰা মতে সতীশ কৌশিকৰ হাৰ্ট এটেকত মৃত্যু হয়। ছ’চিয়েল মিডিয়াত নিজৰ দুখ প্ৰকাশ কৰি অভিনেতা-অভিনেত্ৰীসকলে সতীশ কৌশিকক শ্ৰদ্ধাঞ্জলি জনাইছে। উল্লেখ্য যে অভিনেতাজনৰ বন্ধু অভিনেতা অনুপম খেৰে এই দুখজনক খবৰটো অৱগত কৰে।

অভিনেতা অনুপম খেৰে কয় যে এই সময়ত গুৰগাঁৱৰ ফৰ্টিছ হাস্পতালত সতীষ কৌশিকৰ মৃতদেহ ৰখা হৈছে। মন কৰিবলগীয়া যে সতীশ কৌশিকে পুৱাই গুৰগাঁৱৰ এখন ফাৰ্ম হাউচলৈ গৈছিল কাৰোবাক লগ কৰিবলৈ। ফাৰ্ম হাউচৰ পৰা উভতি অহাৰ সময়ত সতীষ কৌশিকৰ বাহনৰ ভিতৰতে হাৰ্ট এটেক হয় আৰু তেওঁক গুৰগাঁৱৰ ফৰ্টিছ হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু পাছত চিকিৎসকে তেওঁক মৃত বুলি প্ৰকাশ কৰে।

আশীৰ দশকৰ আৰম্ভণিতে সতীশ কৌশিকে আৰম্ভ কৰিছিল তেখেতৰ চলচ্চিত্ৰ জীৱন । তেখেতে মিষ্টাৰ ইণ্ডিয়াত ‘কেলেণ্ডাৰ’ আৰু দীৱানা মস্তানাত ‘পাপ্পু পেজাৰ’ৰ চৰিত্ৰ দুটাৰ জড়িয়তে অভিনেতা হিচাপে সকলোৰে মাজত পৰিচিত হৈ পৰিছিল । নতুন দিল্লীস্থিত নেশ্যনেল স্কুল অৱ ড্ৰামা আৰু পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ সতীশ কৌশিকে 1983 চনত মুক্তিপ্ৰাপ্ত কুন্দন শ্বাহৰ পৰিচালিত ‘জানে ভি ডো য়াৰো’ কমেডী ছবিখনৰ বাবে লিখিছিল সংলাপ । ইয়াৰ পাছত তেখেতে একেধাৰে বহু ছবিৰ সংলাপ লিখি আহিছিল ।

You might also like