নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৱস্থা লোৱাৰ পৰিৱর্তে অসাধু চক্রৰে চলি আহিছে আৰক্ষীৰ মিতিৰালি

  • নকল সোণ–জালনোটৰ অবাধ ব্যৱসায়ীৰ ঘাটিত পৰিণত লখিমপুৰ
  • ৰাজ্যৰ লগতে অৰুণাচল–পশ্চিমবং আদিৰ লোকো হৈছে সর্বস্বান্ত
  • সময়ে সময়ে নোট ছপা কৰা যন্ত্র জব্দ কৰিয়েই আৰক্ষীয়ে সামৰিছে দায়িত্ব

নিয়মীয়া বাৰ্তা, ১৮ মে’: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কেতিয়াও নৰম স্থিতি গ্রহণ নকৰে বুলি অসম আৰক্ষীয়ে ঘোষণা কৰাৰ সময়তে ৰাজ্যৰ প্রান্তে প্রান্তে জালনোট আৰু নকল সোণৰ ব্যৱসায়ে ছানি ধৰিছে৷ বিশেষকৈ জালনোট আৰু নকল সোণৰ ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে লখিমপুৰ জিলা৷ শেহতীয়াকৈ উপ–পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু লখিমপুৰ সদৰ থানাত ৰুজু হোৱা এটা গোচৰে দীর্ঘদিন ধৰি জিলাখনত জালনোট আৰু নকল সোণৰ ব্যৱসায় চলাই অহা ৰেকেট পোহৰলৈ আনিছে৷ জিলাখনৰ কেইবাটাও বিশেষ স্থান এই ক’লা বেহাৰ অভিকেন্দ্র হৈ পৰিছে৷ ক’লা সাম্রাজ্যৰ প্রৱঞ্চকৰ কবলত পৰি জিলাখনৰ বহু লোক সর্বস্বান্ত হোৱাৰো তথ্য পোহৰলৈ আহিছে৷ লখিমপুৰৰ উপৰি ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে চুবুৰীয়া ৰাজ্য, অৰুণাচল, মেঘালয়, পশ্চিমবংগ আদিৰ বহু লোক অসাধু চক্রৰ প্রৱঞ্চনাৰ কবলত পৰি সর্বস্ব হেৰুৱাব লগাত পৰিছে৷ সময়ে সময়ে এই চক্রটোৰ বিষয়ে বহু সচেতন লোকে দৃষ্টিগোচৰ কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ বিপৰীতে লখিমপুৰ জিলাৰ একাংশ আৰক্ষীৰে মিতিৰালি কৰি জালনোট আৰু নকল সোণৰ ব্যৱসায় চলোৱা অসাধু চক্রটোৱে প্রৱঞ্চনাৰ জাল মেলি অহা বুলিও অভিযোগ উঠিছে৷ বিশেষকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পিছত হাছিনা বেগম নামৰ এগৰাকী মহিলাই আজগৰ আলী, ৰফিকুল ইছলাম, আবু ছহিদ, জাকিৰ হুছেইনকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে জালনোট আৰু নকল সোণৰ ব্যৱসায় চলোৱাৰ তথ্য প্রকাশ কৰিছে৷ এই চক্রটোৰ বিৰুদ্ধে জোনমণি ৰাভাই অভিযান চলোৱাৰ বাবে তেওঁক হত্যা কৰা হ’ল বুলিও হাছিনা বেগমে অভিযোগ কৰিছে৷ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰা ভাষ্যত আৰক্ষীৰ ইনফর্মাৰ হিচাপে কাম কৰি অহা বেগমে স্পষ্টভাৱে উল্লেখ কৰিছে যে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নাওবৈচাৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াকে ধৰি একাংশ আৰক্ষীয়ে নকল সোণ আৰু জালনোটৰ ব্যৱসায় চলাই অহা এই অসাধু চক্রটো ৰক্ষণাবেক্ষণ দি আহিছে৷ আনকি এই চক্রটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ গ’লে আৰক্ষীয়ে ওলোটাকৈ অভিযোগকাৰীকহে হাৰাশাস্তি কৰাৰ লগতে গ্রেপ্তাৰৰ ভাবুকি প্রদান কৰে বুলিও হাছিনাই প্রকাশ কৰিছে৷ স্বাভাৱিকতে হাছিনা বেগমৰ এই মন্তব্যই জিলাখনত অসাধু চক্রটোৰ সৈতে আৰক্ষীয়ে কৰি অহা মিতিৰালিৰেই ইংগিত প্রদান কৰিছে৷ উল্লেখ্য যে লখিমপুৰৰ বঙলামৰাত দীর্ঘদিন ধৰি নকল সোণ আৰু জালনোটৰ ব্যৱসায় চলি আহিছে৷ হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে বঙালমাৰক কেন্দ্র কৰি ৰাজ্যৰ ভিন্ন প্রান্তত জালনোট আৰু নকল সোণৰ ব্যৱসায় চলি আহিছে বুলিও প্রকাশ কৰিছে৷ বেগমৰ মতে, বঙালমৰাকে ধৰি নগাঁও আদি অঞ্চলত জালনোট আৰু নকল সোণ ব্যৱসায়ীয়ে চলাই থকা অসাধু ব্যৱসায়ৰ বিৰুদ্ধে জোনমণি ৰাভাই তৎপৰতা দেখুওৱাৰ বাবেই লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু হৈছে৷ য’ত জোনমণি ৰাভাকে অভিযুক্ত কৰা হৈছে৷ অৱশ্যে হাছিনা বেগমৰ এই অভিযোগ কিমান দূৰ সত্য সেয়া সময়ত প্রকাশ পাব৷ ইপিনে, মহিলাগৰাকীয়ে বাৰে বাৰে নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া সঞ্জীৱ বৰাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে৷ নাওবৈচাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াজনে জোনমণি ৰাভাক ৬ লাখ টকা দাবী কৰা বুলি কৰা অভিযোগ তেওঁ নাকচ কৰিছে৷

You might also like