নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক পাঁচ বছৰত উষ্ণতাই গঢ়িব অভিলেখ

  • প্রাণঘাতী তাপ প্রবাহৰ মাজতে ৰাষ্ট্রসংঘৰ সতর্কবাণী
  • গ্রীনহাউছ গেছ–এল নিনোৱে কঢ়িয়াইছে বিপর্যয়

নিয়মীয়া বাৰ্তা, ১৮ মে’: বিশ্বজুৰি বাঢ়ি আছে তাপ প্রবাহ৷ বহু দেশত এই তাপ প্রবাহে প্রাণঘাতী ৰূপ লৈছে৷ প্রাণঘাতী তাপ প্রবাহৰ মাজতে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই সতর্কবাণী শুনালে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি বিগত বছৰবোৰৰ তুলনাত আগন্তুক পাঁচ বছৰত তাপমাত্রা অধিক বৃদ্ধি পাব৷ আগন্তুক পাঁচ বছৰত উষ্ণতাই নতুন অভিলেখ গঢ়িব বুলি আশংকা প্রকাশ কৰিছে ৰাষ্ট্রসংঘই৷ গ্রীনহাউছ গেছ নিঃসৰণ আৰু এল নিনোৰ যৌথ প্রভাৱত তাপমাত্রাই ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ ইতিমধ্যে এই দুয়োটা কাৰকে পৃথিৱীলৈ নমাই আনিছে বিপর্যয়৷ মধ্য আৰু পূব প্রশান্ত মহাসাগৰত ভূপৃষ্ঠৰ তাপমাত্রা বৃদ্ধি পোৱাকে এল নিনো বুলি কোৱা হয়৷ সাধাৰণতে প্রতি ২ৰ পৰা ৭ বছৰৰ ভিতৰত এল নিনোৰ আবির্ভাৱ ঘটে৷ এই মাহৰ আৰম্ভণিতে বিশ্ব বতৰ বিজ্ঞান দপ্তৰে ঘোষণা কৰিছিল যে ২০২৩ৰ জুলাইৰ পৰা ছেপ্ঢেম্বৰৰ ভিতৰত প্রশান্ত মহাসাগৰত এল নিনোৰ উৎপত্তি ঘটাৰ সম্ভাৱনা আছে৷ ৰাষ্ট্রসংঘৰ বতৰ বিজ্ঞান বিভাগৰ দাবী অনুসৰি আগন্তুক পাঁচটা বছৰ উষ্ণতম বছৰ হিচাপে চিহ্ণিত হোৱাৰ ৯৮ শতাংশ সম্ভাৱনা আছে৷ ২০১৫ চনৰ পেৰিছ জলবায়ু চুক্তি অনুসৰি তাপমাত্রা বৃদ্ধিক ১৮৫০ৰ পৰা ১৯০০ চনৰ গড় তাপমাত্রাৰ ১.৫ৰ পৰা ২ ডিগ্রী চেলছিয়াছত বৃদ্ধিৰ মাজত আবদ্ধ ৰখাৰ বিষয়ত সন্মতি প্রকাশ কৰিছিল দেশসমূহে৷ কিন্তু শীঘ্রে এই তাপমাত্রা অতিক্রম কৰিব বুলি বিশ্ব বতৰ বিজ্ঞান বিভাগে আশংকা কৰিছে৷ লক্ষণীয়ভাৱে জুলাইৰ পিছত এল নিনোৰ প্রভাৱত উষ্ণতা প্রাণঘাতী হৈ পৰিব৷

You might also like