নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত বন্ধ হ’ব আৰু ৩০০খন মাদ্রাছাঃ চৰকাৰে ইতিমধ্যে তালিকা প্রস্তুত কৰিছে– মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১৮ মে’:  শীঘ্রে ৰাজ্যত বন্ধ হ’ব আৰু ৩০০খন মাদ্রাছা৷ ইতিমধ্যে চৰকাৰে বন্ধ কৰিবলগীয়া মাদ্রাছাসমূহৰ তালিকা প্রস্তুত কৰিছে৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে অসমৰ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰিয়েই ড০ শর্মাই ৰাজ্যখনত মাদ্রাছাসমূহ বন্ধৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ মূলতঃ মুছলমান সম্প্রদায়ৰ ছাত্র–ছাত্রীসকলক আন ছাত্র–ছাত্রীৰ দৰে সাধাৰণ শিক্ষা প্রদানৰ জৰিয়তে চিকিৎসক–ভিযন্তা আদিকে ধৰি আধুনিক শিক্ষাৰে সু–শিক্ষিত কৰাৰ বাবেই চৰকাৰখনে এই পদক্ষেপ গ্রহণ কৰে৷ ইতিমধ্যে অসম চৰকাৰে ৬০০খন মাদ্রাছা শিক্ষানুষ্ঠান বন্ধ কৰি সেইসমূহ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্র–ছাত্রীসকলক সাধাৰণ শিক্ষা প্রদানৰ ব্যৱস্থা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই পদক্ষেপৰ প্রতি মুছলমান সম্প্রদায়ৰ লোকেও যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে৷ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ পৰা এইক্ষেত্রত লাভ কৰা সহযোগিতাৰ বাবেই ৰাজ্য চৰকাৰে পুনৰ ৩০০খন মাদ্রাছা শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈ বন্ধ কৰিবলগীয়া মাদ্রাছাসমূহৰ তালিকা প্রস্তুত কৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ৰাজ্যখনত ধর্মীয় শিক্ষা প্রদানৰ গইনা লৈ একাংশ মাদ্রাছা মৌলবাদৰ ঘাটি হৈ পৰিছে৷ বিগত সময়ছোৱাত তেনেধৰণৰ কেইবাখনো মাদ্রাছা প্রশাসনে উচ্ছেদ কৰিবলৈ সক্ষম হোৱাৰ লগতে মৌলবাদী কার্যকলাপৰ সৈতে জড়িত বহু লোকক গ্রেপ্তাৰ পর্যন্ত কৰিছে৷

You might also like