নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টি–২০ বিশ্বকাপ আৰম্ভ, প্রথমখন মেচত ভাৰতৰ সন্মুখত আমেৰিকা

নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : বিশ্বৰ ২০টা দলৰ অংশগ্রহণেৰে আজিৰ পৰা আৰম্ভ টি–২০ বিশ্বকাপ৷ ভাৰত আৰু শ্রীলংকাৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বৃহৎ ইভেণ্টৰ প্রথমখন মেচত আজি ভাৰতে আমেৰিকাৰ বিৰুদ্ধে খেলিব৷

পাকিস্তান আৰু বাংলাদেশ দলক লৈ সৃষ্টি হোৱা বিবাদৰ মাজতে আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিমায়ত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে টি–২০ বিশ্বকাপৰ শুভাৰম্ভ হ’ব৷ ৮ মার্চত আহমেদাবাদত চূড়ান্ত খেল অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ খেলসমূহক লৈ দর্শকৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে৷ খেলৰ সময় : সন্ধিয়া ৭ বজা।

You might also like